সফলতা ধনমণিৰ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
বৰদিনৰ দিনা স্কুলত সভা আয়োজন কৰিছে।
:ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ স্কুলৰ এগৰাকী প্ৰাক্তন ছাত্ৰ ধনমণিৰ লগত পৰিচয় কৰাই দিব ওলাইছোঁ। তোমালোকে তেখেতৰ বিষয় জানিব পাৰিলে ভৱিষ্যতে তোমালোকৰ জীৱনৰ লক্ষ্য বিচাৰি পোৱাত সহায় হ’ব।এক আদৰ্শ সফল নাগৰিক। ধনমণি কোৱাচোন ,তোমাৰ সফলতাৰ আৰৰ ব্যক্তি গৰাকী কোন ?
:তাক সোধা প্ৰশ্নৰ উত্তৰত সি কিছু সময় থমকি ৰ’ল….!
মাইক্ৰফনটো লৈ কৈ গ’ল ধনমণিয়ে—–
সাত বছৰতে মাৰ হাতত ধৰি দেউতাৰ সৈতে মামাৰ ঘৰলৈ গুছি গৈছিলোঁ ।আমাৰ খেতি বাতি,গৰু- গোহালি ঘৰসকলো বানপানীয়ে উটাই লৈ গৈছিল । তাৰ পিছত বহুত সংগ্ৰাম।কিছুদিন পথত তম্বু বনাই থাকিলোঁ ।পঢ়াশুনা একো কৰিব পৰা নাই ,মামাহতক ক’লে মায়ে । মামাহতে আমাক মাতি পঠিয়ালে। আমিও গুছি আহিলোঁ।দেউতাই মামাৰ ঘৰৰ পৰা পোৱা অকণমান মাটিত ঘৰ সাজি দিন হাজিৰা কৰি আমাক প্ৰতিপাদন কৰি আছিল।এনেকৈ চলি থাকোঁতে মাঘৰ মাহৰ বিহুত বজাৰত বস্তু কিনিবলৈ যাওঁতে বোমা বিস্ফোৰণত দেউতা ঢুকাল,তেতিয়াৰে পৰা মাৰ লগত খেতিত কাম কৰি পঢ়ি গৈ আছিলোঁ।ইঞ্জিনিয়াৰিং ভালদৰে উত্তীৰ্ণ হৈ গাঁও দলং বনোৱা কামতো এজন মজদুৰ হৈ সম্পূৰ্ণ কৰিলোঁ। তাৰ পিছত ই পি এছ চি পৰীক্ষাবোৰ দি গৈ থাকিলোঁ। যোৱা বছৰ ফলাফল ঘোষণা কৰিলে ।এতিয়া চৰকাৰী উচ্চ পদস্থ বিষয়াৰ দায়িত্ব আছোঁ। কথাখিনি কৈ আনন্দত ধনমণিৰ চকুৰ পানী ওলাই আহিল ।
ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মাক/মোমায়েক দুগৰাকী বহি আছিল।সকলোৰে হাত চাপৰিত হলঘৰটো ৰজন জনাই গ’ল।
