সফলতাৰে পৃথিৱীলৈ উভতিল নাছাৰ ৪ নভোচৰ

সফলতাৰে পৃথিৱীলৈ উভতিল নাছাৰ ৪ নভোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে চন্দ্ৰৰ পৰা উভতি আহি সফলতাৰে পৃথিৱীত অৱতৰণ কৰিলে  আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ৪ গৰাকী মহাকাশচাৰীয়ে। ১০ দিন মহাকাশত কটোৱাৰ পিছত শনিবাৰে পুৱাৰ ভাগত (ভাৰতীয় সময়) তেওঁলোকে পৃথিৱীত অৱতৰণ কৰে। দক্ষিণ কেলিফ’ৰ্নিয়াৰ উপকূলত প্রশান্ত মহাসাগৰৰ বুকুত নির্বিঘ্নে অৱতৰণ কৰে নাছাৰ কেপছুল। তাৰ ভিতৰৰ পৰা ধীৰে ধীৰে চাৰিওজন মহাকাশচাৰীক উদ্ধাৰ কৰি পাৰলৈ অনা হয়। নাছাই এই চন্দ্ৰ অভিযানৰ নাম দিছিল আর্টেমিছ। এয়াই আছিল তেওঁলোকৰ দ্বিতীয় পর্যায়। ২০২৮ চনত এই অভিযানৰ তৃতীয় পৰ্যায়ত জোনবাইৰ বুকুলৈ পুনৰ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰিছে মার্কিন সংস্থাটোৱে। নাছাৰ মহাকাশচাৰীসকলে পৃথিৱীত অৱতৰণ কৰোঁতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তেওঁলোকক শুভেচ্ছা জনাই সামাজিক মাধ্যমত পোষ্ট কৰে। তাৰ লগতে বান্ধি দিয়ে নতুন লক্ষ্যও। ট্রাম্পে লিখিছে- ‘আর্টেমিছ-২ৰ এই অসাধাৰণ আৰু অত্যন্ত মেধারী সদস্যসকলক অভিনন্দন। সমগ্র ভ্রমণটো আছিল দুর্দান্ত। অৱতৰণো হৈছে নিখুঁত। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে এয়া আমাৰ বাবে অতি গৰ্বৰ এটা দিন। হোৱাইট হাউছত আপোনালোক আটাইৰে শীঘ্ৰে দেখা হ’ব। আমি এই কামটো পুনৰ কৰিম আৰু তাৰ পিছত আমাৰ পৰৱৰ্তী লক্ষ্য মণ্ডল গ্রহ।’ চন্দ্ৰলৈ মানুহ পঠিওৱাৰ অভিযান শেষ কৰাৰ পিছত মঙল গ্ৰহৰ ওপৰত আমেৰিকাই যে মনোনিৱেশ কৰিব সেই কথা স্পষ্ট কৰি দিছে ৰাষ্ট্ৰপতি ট্রাম্পে। যোৱা ২ এপ্ৰিলৰ দিনা নিচেই পুৱাতে (ভাৰতীয় সময়) চন্দ্ৰলৈ উৰা মাৰিছিল নাছাৰ মহাকাশ যানখন। তাত আছিল কমাণ্ডাৰ ৰিড ৱাইজমেন্ট (প্রাক্তন নৌসেনা পাইলট, ১৬৫ দিন মহাকাশত কটোৱাৰ অভিজ্ঞতাৰে পুষ্ট), পাইলট ভিক্টৰ গ্লভার্ট (নাছাৰ ক্ৰু-১ অভিযানত অন্তর্ভুক্ত), অভিযান বিশেষজ্ঞ ক্রিষ্টিনা কচ (মহিলা হিচাপে আটাইতকৈ বেছি সময় স্পেচ ফ্লাইট চলোৱাৰ অভিজ্ঞতা সম্পন্ন) আৰু জেৰেমি হানচেন (কানাডাৰ মহাকাশচাৰী, প্ৰথমবাৰ মহাকাশলৈ)। প্রায় ১০ দিন পৃথিৱীৰ বাহিৰত কটাই চন্দ্ৰৰ ওচৰৰ পৰা পুনৰ তেওঁলোক উভতি আহে। আর্টেমিছ-২ৰ লক্ষ্য চন্দ্ৰৰ মাটিত ভৰি ৰখা নহয়। বৰং চন্দ্ৰৰ সম্মুখৰ পৰা ঘুৰি অহা। সকলো ঠিকে-ঠাকে থাকিলে ২০২৮ চনত অভিযানৰ তৃতীয় পৰ্যায়ত চন্দ্ৰৰ বুকুত নামিব মানুহ। সুদীর্ঘ ৫ দশকৰ পিছত চন্দ্রলৈ মানুহ পঠিয়াইছে নাছাই। ১৯৬৯ চনত আমেৰিকাৰ এই সংস্থাটো এপল’ অভিযানত চন্দ্ৰৰ বুকুত প্ৰথমবাৰৰ বাবে পদার্পণ কৰিছিল মানুহে। ১৯৭২ চনত সেই অভিযানৰ সামৰণি পৰে। ৫৩ বছৰৰ পিছত পুনৰ আর্টেমিছ অভিযানৰ হাত ধৰি চন্দ্ৰ অভিমুখে লক্ষ্য স্থিৰ কৰিছে আমেৰিকাই। ৪ মহাকাশচাৰীক লৈ নাছাৰ মহাকাশ যানখন ১১ লাখ ১৭ হাজাৰ ৫১৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। পৃথিৱীৰ দুটা কক্ষপথ পাৰ হৈ চন্দ্ৰৰ সম্মুখৰ পৰা ঘূৰি আহে মহাকাশচাৰীসকল। কেলিফ’ৰ্নিয়াৰ উপকূলত সূর্যাস্তৰ কেইঘণ্টামান পূর্বে তেওঁলোকৰ অৱতৰণৰ পোনপটীয়া সম্প্রচাৰ কৰে নাছাই।