সপ্ত-সিন্ধু প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু কবিতাৰ মধু গুঞ্জন

সপ্ত-সিন্ধু প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু কবিতাৰ মধু গুঞ্জন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ প্ৰেছ ক্লাৱত সপ্ত-সিন্ধু প্ৰকাশনৰ প্ৰকাশক ৰশ্মিৰেখা কাশ্যপ ডাঙৰীয়ানী নেতৃত্বত এদিনীয়া কাৰ্য্যসূচীৰে এক অনুষ্ঠান অনুস্থিত কৰা হয় । উক্ত অনুষ্ঠানটোৰ বিশেষকৈ চীনু গগৈ দোলাকাষৰীয়া দেৱৰ আই ম‌ই নৈ নে বতাহ হৈ ব‌ওঁ গ্ৰন্থ খনত উন্মোচনৰ হেতুকে কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । উক্ত গ্ৰন্থ খন ড° জগদীশ পাটগিৰী অসম সাহিত্য সভা প্ৰাক্তন সম্পাদক ডাঙৰীয়াই উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰী যুত নৰেন হাজৰিকা মুখ্য সম্পাদক দৈনন্দিন বাৰ্তা, কবিৰ আহমেদ মুখ্য সম্পাদক দৈনিক গান অধিককাৰ, ড° নঞ্জু দত্ত শিক্ষাবিদ সাহিত্যিক আৰু সমাজসেৱী, শ্ৰী যুতা দ্ৰবিতা চৌধুৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিশু আৰু মহিলা অনুষ্ঠান পৰিচালক, ড° সীমা বৰা স্বত্বাধিকাৰ আসাম পোষ্ট, ড° মাইনু দেৱী পযোজক ও পৰিচালক ইকো ভেলি চিনে প্ৰডাকচন, শ্ৰী যুত জ্যোতিষ বৰ্মন অষিল ভাৰতীয় সাহিত্য পৰিষদ অসম যুটীয়া সচিব আৰু লগতে উপস্থিত থাকে ড° অলকানন্দা কাকতি সাহিত্যিক সম্পাদক বিশ্ব জ্যোতি মুখপাত্ৰ এক শৰন ভাগৱতী সমাজ আৰু আইনজীৱী। উক্ত অনুষ্ঠানটোৰ আতধৰে মন্টু শইকীয়া সহকাৰী সম্পাদক আমাৰ অসম । উক্ত অনুষ্ঠানটোত সাহিত্য চৰ্চাকে ধৰি বিভিন্ন জনে মত প্ৰকাশ কৰে । স্ব ৰচিত কবিতা সমূহো আবৃত্তি কৰে গণ্য মান্য ব্যক্তি সকলে ।
উক্ত সভাত চেৰাজ হুছেইনক “বিশিষ্ট সমাজসেৱক -২০২৪ বঁটা প্ৰদান কৰা হয় ৷