সপ্তাহজোৰা চৰকাৰী কাৰ্যসূচীৰে ইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
ৰঙিলী বাৰ্ত্তাসেৱা- অংশগ্ৰহণ কৰিব বলিভিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবা ভ্ৰমণ কৰিব । এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে উক্ত দেশসমূহৰ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰি দুয়ো পক্ষৰ স্বাৰ্থ বিজড়িত বিষয়সমূহ আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উন্নয়নমূলক সহযোগিতা আৰু সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত পৰস্পৰে আগবঢ়াৰ বাবে আলোচনা ভাগ ল’ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বাণিজ্যিক প্ৰতিনিধিবৰ্গ আৰু প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইকুৱেডৰত ভ্ৰমণকালত দেশখনৰ ৰাজধানী কুইটোত স্থায়ী ভাৰতীয় দূতাবাস স্থাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। বলিভিয়া ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৮ নৱেম্বৰত বলিভিয়াৰ প্রশাসনিক ৰাজধানী লা পাজত অনুষ্ঠিতব্য নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। অন্যহাতে কিউবাত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আৰু চিকিৎসা, ডিজিটেল জনসেৱা পৰিকাঠামো আৰু সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰিব।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ইকুৱেডৰ, বলিভিয়া আৰু কিউবাৰ সৈতে ভাৰতৰ ৰাজনৈতিক সম্পৰ্কক এক নতুন গতি প্ৰদান কৰাৰ লগতে এই ভ্ৰমণ দক্ষিণ-দক্ষিণ সহযোগিতা আৰু উন্নয়নৰ প্ৰতি দুয়ো পক্ষৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক দৃঢ় কৰাৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
