সপোন আঁৰৰ মানুহ জন-মুন শৰ্মা

Pc the quint
অণুগল্প:- 
“সপোন আঁৰৰ মানুহ জন”
তাই আজি আই. পি. এছ. বিষয়া। অঞ্চলটোত সকলোৰে মনত বৈছে আনন্দৰ নৈ, মাত্ৰ তাইৰ হে মনত  বৈছে দুখৰ নৈ। কাৰণ তাইৰ কাষত নাই আজি তাইৰ দেউতাক।
      তিনি  বছৰ আগত তাইক এৰি অজান ঠিকনালৈ গুচি যোৱা তাইৰ দেউতাকেই যে”  তাইক  দেখুৱাইছিল এই সপোন আৰু আগুৱাই গৈ এদিন  দিঠকত  পৰিণত কৰি সফলতা আজুৰি আনিবলৈ হৈ”ৰৈছিল অজস্ৰ সাহস।
        মুন শৰ্মা, লখিমপুৰ