সপোনৰ সুৰ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
তুমি আছা বাবে
হাজাৰ সপোন জাগে
এই আৱেগিক হৃদয়ত,
তুমি আছা বাবে
বিলীন হয় দুটি নয়ন
কল্পনাৰে সাগৰত।
তুমি আছা বাবে
নিশা উজাগৰে থাকিব শিকোঁ ;
তুমি আছা বাবে
আত্মাৰ গভীৰ সোঁতত
অনুভৱত কথা পাতিব পাৰোঁ ।
তুমি আছা বাবে
ডায়েৰী নাথাকে মোৰ শূণ্য;
তুমি আছা বাবে
মোৰ অন্তৰাত্মা আজি পৰিপূৰ্ণ।
তুমি আছা বাবে
মনত বেদনাৰ উমান নাপাওঁ ;
তুমি আছা বাবে
সুখৰ দলিচাত টোপনি যাওঁ।