সপোনৰ পাহে পাহে
কাকলি কুমাৰী, হাজো
সপোনৰ পাহে পাহে
তুমি আহিলা লাহে লাহে ,
মোৰ সাধাৰণ দিনবোৰ
তোমাৰ আহৰণতে সুন্দৰ হ’ল।
তোমাৰ এই হাঁহিতেই
মোৰ মনটো যেন ভৰি যায়,
দুখৰ দিনতো
তোমাৰ কথাই
আশাৰ চাকি জ্বলায় ।
ডাঙৰ ডাঙৰ কথা নালাগে মোক,
সৰু সৰু মৰমেই যথেষ্ট,
তোমাৰ কাষত
বহি থাকিলেই
মনটো যেন শান্ত হৈ পৰে ।
ভৱিষ্যৎ কেনেকুৱা হ’ব
মই একো নাজানোঁ ,
মাথোঁ ইমানেই জানোঁ—
তুমি থাকিলে
জীৱনটো সহজ হৈ পৰিব।
ৰ’দে-বৰষুণে, সুখে-দুখে
হাতখন কেতিয়াও এৰি নিদিবা ,
সপোনৰ পাহে পাহে
মোৰ জীৱনটো
তোমাৰ লগতেই পাৰ কৰিব খোজোঁ।
