সপোনৰ পম খেদি – মানসী ভূঞা

Pc Krgoswami - Medium

সপোনৰ পম খেদি

মানসী ভূঞা
সৰ্থেবাৰী , বতিয়া

সপোন দেখাৰ নিৰ্দিষ্ট বয়স থাকে জানো ?যেনেদৰে নৈৰ নাথাকে কোনো পৰিসীমা, সাগৰৰ নাথাকে ৰুদ্ধতা, তেনেকৈ সপোনৰো নাথাকে সীমা,পৰিশেষ কিম্বা নিৰ্দিষ্ট সংজ্ঞা! সপোন দেখাৰ নাথাকে কোনো বয়স। সকলো মানুহেই সপোন দেখে , জীয়া সপোন বুকুত বান্ধি জীৱনৰ খলা-বমা, ভাল-বেয়াৰ মাজেৰে মানুহে আগবাঢ়ে। সপোন দেখিব লাগে , সপোন দেখাত ও থাকে এক সুকীয়া মাদকতা। সপোন কেতিয়াবা ৰঙীন, কেতিয়াবা সেউজীয়া, সপোন সৰল, সপোনৰো থাকে সাতোৰঙ। সপোন ক্ৰমে লহপহকৈ বাঢ়িব খোজে। সপোন ডাঙৰ হয়, এটা দুটাকৈ আমাৰ সপোন পূৰণ হয়। আকৌ কেতিয়াবা সপোনৰ অকাল বিয়োগো ঘটে বা সপোনৰ মৃত্যু হয়। পূৰ্ণ সপোনক লৈ আমিবোৰ সুখী হওঁ আৰু আগৰ সপোনৰ তুলনাত আকৌ সপোন দেখোঁ অকণ ডাঙৰ সপোন। সদ্য বিয়োগ ঘটা সপোনে নিশাৰ টোপনি হৰ সচাঁ কিন্তু জীয়া সপোনেও যে নিদ্ৰাহীন নিশাৰ লগত বন্ধুত্ব কৰে সেয়াও সচাঁ। সপোন দেখাৰ কোনো দিন নাই, সপোন দেখাৰ কোনো বয়স নাই। সকলো বয়সৰ মানুহে সপোন দেখিব পাৰে।প্ৰতিটো দিন, প্ৰতিটো ৰজনী, প্ৰতি পলতেই মানুহে সপোন দেখে। ভাল হোৱাৰ সপোন,নিজক প্ৰতিষ্ঠা কৰাৰ সপোন, জীৱন সুন্দৰ কৰাৰ , পৃথিৱী ধুনীয়া কৰাৰ সপোন। কৰ্মৰ জোখাৰে, সপোনক বাস্তৱায়িত কৰাৰ বাবে কৰা কষ্টৰ বলেৰে সপোন পূৰণ হয়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল “আশা আছে বাবেই পৃথিৱীখন ধুনীয়া।” সপোনক অগ্নিত জাহ দিয়াৰ পাছতো নাথাকে জানো ‘আশা’ নামৰ ভাৱনা, জীয়াই থকাৰ কামনা। সপোন কেতিয়াবা মৰহি যায়, উপযুক্ত সাৰ পানীৰ অভাৱত , বা অন্য কিবা কাৰণত। সপোন মৰহি গ’লেও আমি জীয়াই থাকো, থাকিব লাগিব। জীৱন জীয়াৰ সপোনক আমি কেতিয়াও উপেক্ষা কৰিব নালাগে। “ভাল হ’ব” এয়া কেৱল এটা বাক্য নহয়, এয়া আমাৰ আশা, ভৱিষ্যতৰ কামনা, সমৰ্পন নেদেখাজনৰ শ্ৰীচৰণত। সপোনবিহীন,আশাবিহীন জীৱন প্ৰাণ নাইকিয়া হোৱাৰ সমান। সপোন দেখক, সপোনৰ পম খেদি আগুৱাই যাওঁক, সপোনৰ পূৰণৰ জোখাৰে কৰ্মময় কৰি তোলক জীৱন, মধুময় কৰি তোলক সময়।