সপোনৰে সোণালী কাৰেং
মুন শৰ্মা, লখিমপুৰ
প্রিয়তমা শুনিছাঁ তুমি,
দেখা হম এদিন ইয়াতেই,
সময় তেতিয়া সন্ধ্যা হ’ব,
ৰঙা বেলিৰ বিদায় ক্ষণত,
শান্ত সেউজী পাতৰ আৰে আৰে,
নীলিম আকাশৰ তলেৰে যেতিয়া,
ঘৰমূৱা পক্ষী জাক উৰিব সময়ত,
সংগোপনে তুমি মই আমি দুয়ো,
বসন্তৰ প্ৰেমৰে সমীৰ দেহে মনে সানি,
তোমাৰ খোপাৰ গোলাপৰ সুগন্ধিৰ কাষে কাষে,
মন বতৰাৰ এখনি সাগৰ গঢ়ি,
সাঁচতীয়া ভাৱনাৰ টোপোলা খুলি,
সাজিম এমুঠি সপোনৰে সোণালী কাৰেং।