সপত্নী
আয়ুস্মান গগৈ,
কটন বিশ্ববিদ্যালয়
তোমাৰ বাহিৰেও আছে মোৰ
আৰু দুজনী প্ৰেয়সী!
তুমি চিনি পোৱাই দুয়োজনীক…
এজনী তগৰ আৰু আনজনী শেৱালি।
এজনীক লগ পাওঁ মই
বসন্তৰ পদূলিত,
আনজনীক আলিংগন কৰো
শৰতৰ ৰূপোৱালী ৰাতি।
আৰু তুমি…?
তুমি হৈছা প্ৰিয়ে মোৰ প্ৰাণৰ গৰাকী,
কি শৰৎ, কি বসন্ত…
তুমি মোৰ চিৰ লগৰী।