সন্মিলিত তিনিআলি সংঘৰ পুথিভঁৰাল শাখাত ভাষা গৌৰৱ সপ্তাহ পালন
মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰ্জাৰ সমীপৰ সন্মিলিত তিনিআলি সংঘৰ পুথিভঁৰাল শাখাৰ উদ্যোগত যোৱা ৮ নৱেম্বৰত ভাষা গৌৰৱ সপ্তাহ পালন কৰা হয়। এই উপলক্ষে এই সংঘৰ সভাপতি হীৰেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে, অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালক যোগেশ দাসে অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ গুৰুত্বৰ বিষয়ত ভাষণ প্ৰদান কৰে। তেওঁ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া কথাত সন্তোষ প্ৰকাশ কৰে। প্ৰগতিশীল লেখক কিৰণ কলিতাই অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ বিশ্বমুখী যাত্ৰাৰ বিষয়ত ভাষণ প্ৰদান কৰে। এই সভাত লগতে বিশিষ্ট ব্যক্তি খৰ্গেশ্বৰ দাস,ৰজনী চৌধুৰী,ভৱেন মহন্তই অসমীয়া ভাষাক চৰকাৰে দিয়া স্বীকৃতি আৰু সন্মানৰ বিষয়ে বক্তব্য প্ৰদান কৰে।এই সভাতে এই সংঘৰ পুথিভঁৰাল শাখাৰ সভাপতি ফনী কলিতা আৰু প্ৰফুল্ল দাসকে ধৰি কেইবাগৰাকক লোক উপস্থিত থাকে।