সন্মানৰ পোচাক – কল্পনা শৰ্মা

Pc Forbes

অণুগল্প

সন্মানৰ পোচাক

কল্পনা শৰ্মা

” মা তুমি কিয় অলপো সলনি নহ’লা আজিলৈ? দুযোৰেই মাত্ৰ বোৱা কপোৰ আমাক নিবলৈ আহোতে পিন্ধা!লগৰ বোৰৰ আগত মইযে বৰ লাজ পাওঁ!” নাচ-গান-অভিনয় সকলো বিষয়তে বিশেষ পাৰদৰ্শিতা দেখুৱা নামিক স্কুলৰ নৱম শ্ৰেনীৰ মেধাৱী ছাত্ৰী বৰ জীয়ৰীৰ কথাত মাকে ক’লে — “মা’জনী, তই আৰু ভনীয়েৰে সেইবোৰত মন নিদিবি!দেউতাৰে কিমান কষ্ট কৰি ,অটো চলাই একমাত্ৰ তহঁতক মানুহ কৰাৰ সপোন দেখিছে!সাজ-পোচাকৰ চখ নালাগে,চাফ-চিকুণ আৰু পৰিপাতি হ’লেই হ’ল! তহঁতেই ডাঙৰ হৈ আমাক গৌৰৱান্বিত কৰিব লাগিব মাজনী!সেয়াই হ’ব আমাৰ সন্মানৰ পোচাক!!”