সন্ধিয়া নামিল
আয়নাল হক , ধুবুৰী
সন্ধিয়া নামিল
সূৰুযে দিগন্তৰ সিপাৰে
ল’লে জিৰণি–
আন্ধাৰে টানি ল’লে ওৰণি।
দিনৰ চিনাকি পথটো
অজগৰ এডালৰ দৰে
পৰি থাকিল–
যেন এতিয়া সকলো অচিনাকি।
নাৰিকলৰ ফাঁকেদি
জোনে জুমি চাই মিচিকিয়ালে
মায়াবী পৰিৱেশ ৰচনা কৰি।
চকু টিপিয়াই থকা তৰাবোৰে
আকাশৰ বুকুত
মুকুতাৰ মালা গাঁঠিলে
দেৱকন্যাৰ স্বয়ম্বৰৰ
আখৰা পাতি–!
গোসাঁই ঘৰৰ মঙ্গল উৰুলিত
পৱিত্ৰ এটি ভাব
উঠিল জাগি–!
ৰিণি ৰিণি শুনিলোঁ–
“কিমতে ভকতি—“