সন্ধিয়াৰ মায়া
ইভা গন্ধীয়া ফুকন
কলম কামুৰি চাইছো শব্দৰ খেলা
ৰুমালেৰে বান্ধি আনিম সুন্দৰৰ শিখা
ৰুমালৰ আঁহে আঁহে জিলিকি উঠিব
ধৰ্য,সত্য- সুন্দৰৰ অহমিকা
সাগৰ হোৱাৰ অম্লান যুক্তি
উন্মাদ ৰাতিবোৰৰো চুক্তি
খহি যাব নিদিবা তোমাৰ পাহাৰৰ উচ্চতা
শুকাই যাবলৈ নিদিবা দুখৰ উত্তাপত
ভাল পোৱাৰ অভিমানী স্বীকাৰোক্তি
সন্ধিয়া হাস্নাহানা দুপাহিত বিৰিঙে
অণুবীক্ষণিক সুগন্ধি
সন্ধিয়াৰ কবিতাই সাঁথৰ ভাঙিব খোজে
কিয় লুণীয়া দুচকুৰ পানী
যদিও নহয় সাগৰৰ দৰে নীলা
কিয় উৰে পপীয়া তৰা
কাৰ বাবে গোলাপ কাৰ বাবে হাস্নাহানা
প্ৰত্যাশাৰ উজাগৰী প্ৰশ্ন – সম্ভাব্য উত্তৰ
এইখিনিতে তেওঁক দেখা হ’লে
উৰণীয়া চুমা আহি গালে মুখে পৰাহি হ’লে
বুকুৰ মাজতে মৃদু ধপধপনি এটি বাজি উঠে
কিয় বাজে মোৰো তোমাৰ বাবে
দুচকুৰ আগত সপোন পৰী নাচে ।
