সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন। চি আই ডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ বাবে তেওঁক বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল। সন্দীপন গাৰ্গক গ্ৰেপ্তাৰৰ পিছতেই ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি, ৰাজ্য চৰকাৰৰ গৃহ বিভাগে DSP পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে সন্দীপন গাৰ্গক। গ্ৰেপ্তাৰ হোৱা সন্দীপনক কামৰূপ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱাৰ পাছত চি আই ডিয়ে ৭ দিনৰ বাবে নিজৰ জিম্মাত লয়। তাৰ পাছতেই এতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি, CID থানাত ৰুজু হোৱা Case No.18/2025ৰ ধাৰা 61(2)/105/106(1) BNS 2023ৰ অধীনত আৰু অতিৰিক্ত ধাৰা 103 BNS, 2023ৰ অধীনত সন্দীপন গাৰ্গক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে, সন্দীপন গাৰ্গ কামৰূপ জিলাৰ বকো-ছয়গাঁও সম-জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰূপে কৰ্তব্যৰত হৈ আছিল। তেওঁ জুবিনৰ সৈতে ছিংগাপুৰলৈ গৈছিল আৰু য়ট পাৰ্টিতো উপস্থিত আছিল। য়ট পাৰ্টিৰ যিবোৰ দৃশ্য পোহৰলৈ আহিছিল তাত দেখা গৈছিল সন্দীপনক। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো কাষতে আছিল তেওঁ । সন্দীপনক প্ৰায় ৫ দিন সোধপোছৰ অন্তত চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে বুধবাৰে দিনত গ্ৰেপ্তাৰ কৰে আৰু ৭ দিনৰ বাবে নিজৰ জিম্মাত লয়।