সন্ত্ৰাসবাদ বিৰোধী দিৱস

সন্ত্ৰাসবাদ বিৰোধী দিৱস

অসম সচিবালয়ত বিষয়া-কৰ্মচাৰীৰ সন্ত্ৰাসবাদ বিৰোধী সংকল্প গ্ৰহণ

দিছপুৰ ৰঙিলী বাৰ্ত্তাসেৱা-   সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে অসম চৰকাৰৰ অন্যান্য কাৰ্যালয়ৰ লগতে অসম সচিবালয়তো সন্ত্ৰাসবাদ বিৰোধী শপত গ্ৰহণ কৰা হয়৷ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলক এই শপত বাক্য পাঠ কৰোৱায়৷ এই অনুষ্ঠানত ভাৰতীয় পৰম্পৰা অহিংসা আৰু সহিষ্ণুতাৰ প্ৰতি অটল বিশ্বাস অক্ষুণ্ণ ৰাখি সমস্ত শক্তিৰে সকলোধৰণৰ সন্ত্ৰাস আৰু হিংসা প্ৰতিৰোধ কৰাৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷ তদুপৰি সকলোৰে মাজত শান্তি, সামাজিক সমন্বয় আৰু বুজাবুজি ৰক্ষা কৰি মানৱ জীৱন আৰু মানৱীয় প্ৰমূল্যৰাজিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবৰ বাবেও সংকল্প লোৱা হয়৷ উল্লেখযোগ্য যে ১৯৯১ চনৰ আজিৰ দিনটোতে তামিলনাডুত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল৷ ইয়াৰ পিছৰ পৰাই সন্ত্ৰাসবাদৰ ভয়াবহতা আৰু বিৰূপ প্ৰভাৱৰ প্ৰতি সকলোকে সজাগ কৰাৰ অৰ্থে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰি অহা হৈছে৷