সন্ত্রাসবাদীয়ে অকল্পনীয় পৰিণাম ভুগিব লাগিবঃ প্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- পাক সন্ত্রাসবাদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামত দেশী-বিদেশী পর্যটকক বৰ্বৰতাৰে হত্যালীলা চলোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ ইয়াৰ পৰিণাম পাকিস্তানে ভুগিব লাগিব বুলি হুংকাৰ দিয়ে। বিহাৰৰ মধুবানীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে পাকিস্তানক কঠোৰ সকীয়নি দি কয়- পেহেলগামৰ নৃশংস হত্যাকাণ্ডৰ আঁৰত যিসকল আছে, তেওঁলোকক কঠোৰ শাস্তি বিহা হ’ব। পাক সন্ত্রাসবাদীয়ে অকল্পনীয় পৰিণাম ভুগিব লাগিব। সন্ত্রাসবাদ সমূলঞ্চে নির্মূলৰ হুংকাৰ দি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে ভাৰতে প্ৰতিটো সন্ত্রাসবাদী আৰু তাৰ পিছত থকাসকলক চিনাক্ত কৰি য’তেই নাথাকক কিয়, তাতেই বিচাৰি উলিয়াই শাস্তি বিহিব। তদুপৰি সন্ত্রাসবাদীক লালন-পালন কৰা ভূমি ধূলিৰে উৰুৱাই দিয়াৰ সময়ো আহিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে। বিশাল সমাবেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সমগ্র দেশবাসী তেওঁৰ সৈতে আছে আৰু সন্ত্রাসবাদৰ সৈতে জড়িত লোকক যিধৰণৰ শাস্তি বিহা হ’ব সেয়া সন্ত্রাসবাদীয়ে কল্পনা কৰিব নোৱাৰিব। সন্ত্রাসবাদে কেতিয়াও ভাৰতৰ উদ্যম ভাঙিব নোৱাৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়-আজি মই বিহাৰৰ ভূমিৰ পৰা সমগ্ৰ বিশ্বক কওঁ- ভাৰতে প্ৰতিটো সন্ত্রাসবাদী আৰু ইয়াৰ লগত জড়িতসকলক চিনাক্ত কৰিব, বিচাৰি উলিয়াব আৰু শাস্তি বিহিব। পৃথিৱীৰ য’তেই নাথাকক কিয়, সেইসকলক বিচাৰি উলিওৱা হ’ব। সন্ত্রাসবাদীক শাস্তি নিবিহাকৈ এৰি দিয়া নহ’ব, ন্যায়ৰ বাবে সকলো পদক্ষেপ গ্রহণ কৰা হ’ব। ভাষণৰ আৰম্ভণিতে মৌনতা অৱলম্বন কৰি প্ৰাণ হেৰুওৱাসকলৰ প্রতি শ্রদ্ধা জনাই প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ আগবঢ়াই পেহেলগামৰ প্ৰসংগ উত্থাপনেৰে পাকিস্তানক আক্ৰমণৰ লক্ষ্য কৰি লয়। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক সমগ্ৰ দেশৰ লগতে বিশ্বনেতাই গৰিহণা জনাই ভাৰতৰ সৈতে সহমর্মিতা প্রকাশৰ বাবে প্রধানমন্ত্রী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।