সন্তুষ্টিৰ হাঁ‌হি  – পৰিস্মিতা বৰা হাজৰিকা

অণুগল্প

 সন্তুষ্টিৰ হাঁ‌হি 

পৰিস্মিতা বৰা হাজৰিকা, মাজুলী 

তৰাই তাঁ‌তৰ শালত বহি সূতা কেইডাল জোৰা লগাই একেবোৰ কথাকে ভাবি আছে । তাঁ‌তৰ ছিগা সূতা জোৰা লগোৱাদি তাইৰ জীৱনটো আৰু কিমান জোৰা লগাব ? সদাই কষ্টৰ মাজেৰেই পাৰ কৰিছে তাই আৰু ছোৱালীজনীয়ে । দেউতাক থাকিও অনাথ হোৱা ছোৱালীজনীক বাৰীৰ শাক -পাচলী , হাঁ‌হ -পাৰ বেছিয়ে পঢ়ুৱাইছিল তৰাই । মাথোঁ এটাই আশা ছোৱালীজনী মানুহ হওক ।

দিন বাগৰিল , তৰাৰ ছোৱালীজনী ডাঙৰ হ’ল । তাই এইবাৰ মেট্ৰিক দিছে । মদাহী দেউতাকে নাজানে তাই কেনেকৈ পঢ়িছে ? তৰাই কেনেকৈ ঘৰ চলাইছে ? মাথোঁ ৰাতি ঘৰত হুলস্থূল কৰিব জানে । আজি ধুনুৰ ৰিজাল্ট দিছে । ওচৰ -চুবুৰীয়াৰ লগতে সাংবাদিকে ঘৰ ভৰি পৰিল । ধুনুৱে ভাল ৰিজাল্ট কৰা বাবে সাংবাদিকে দেউতাকক প্ৰশ্ন কৰাত দেউতাকে একো নকৈ কাষতে ৰৈ থকা ধুনুক সাবটি ধৰিল আৰু নিজৰ ভুল বুজি পাই হুকহুকাই কান্দি উঠিল আৰু ওচৰতে ৰৈ থকা তৰাই বাপেক -জীয়েকৰ আলিংগন দেখি আনন্দত চকুলো টুকিলে ।