অণুগল্প
সন্তান আমি অসমী আইৰ
মুন শৰ্মা,লখিমপুৰ
ৰংপুৰ অঞ্চলৰ আঞ্চলিক বিহু সন্মিলন খনত এইবাৰ মুকলি বিহুৰ শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিলে “বিহুৱান” নামৰ বিহু দলটোৱে। সুন্দৰ বিহুৰে বিহুপ্ৰেমী ৰাইজৰ মাজত প্ৰশংসা লাভ কৰাৰ লগতে তেওঁলোকে আৰু এটা বিষয়ত সন্মিলন খনত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।সিহঁতৰ প্ৰতি জন বিভিন্ন জাতিৰ।কিন্তু অসমীয়া সাঁজত সাজি-কাঁচি অসমীয়া বিহু মাৰি প্ৰমাণ কৰি দিলে সিহঁতে আকৌ এবাৰ যে, অসম ভূমি বহু মিলন আৰু ঐক্য,একতাৰ বাবে সৃষ্টি । এক শ্ৰেণী মানুহে যিমানেই যি নকওঁক আৰু নকৰক কিয়! চিৰযুগ আমি অসমীয়া।সন্তান আমি সকলো অসমী আইৰ।