সন্তানৰ চৰিত্ৰ গঠনত পিতৃ -মাতৃৰ দায়িত্ব – অনামিকা (সংগীতা)কলিতা

সন্তানৰ চৰিত্ৰ গঠনত পিতৃ -মাতৃৰ দায়িত্ব

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

বিষয়টো গুৰুত্বপূৰ্ণ,সন্তানৰ চৰিত্ৰ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ স্থান   প্ৰথম।ঘৰখনে মূল আধাৰ, পিতৃ-মাতৃ হ’ল প্ৰধান গুৰু, তেওঁলোকৰ অৱদান অতুলনীয়। শিশুটোৰ জন্মৰ পৰাই পাঁচ বছৰলৈ ৯০% পূৰ্ণ বিকাশ হয় । গতিকে এই সময় খিনি শিশুৰ বিকাশৰ পূৰ্ণ গতিত হয় ,তাৰ বাবে সু-পৰিকল্পিত ভাৱে তদাৰক কৰিব লাগে ,এই ক্ষেত্ৰত মাকৰ দায়িত্ব অধিক।

শিশুটোৰ প্ৰাথমিক আৰু মৌলিক চাহিদা পূৰণৰ লগে-লগে সিহঁতৰ মানসিক-দৈহিক গঠন ,ৰুচি ,প্ৰবৃত্তি , বিশ্বাস ধাৰণাৰ সম্যক জ্ঞানৰ স্বৰূপ পূৰ্ণ বিকশিত হয় তাৰ ধ্যান ৰখাৰ দায়িত্ব মাক -দেউতাকৰ ।মাকৰ -দেউতাকৰ দায়িত্ব ঘৰৰ বাতাবৰণ সুস্থ কৰি ৰখা ,তেতিয়াহে এটা শিশুৰ বিকাশ সু-পৰিকল্পতি ভাৱে বিকাশ হয় আৰু সুস্থ মানসিকতা সন্তানৰ গঢ়ি তুলিব পাৰিব ।এই ক্ষেত্ৰত নিয়মানুবৰ্তীতা মাজেৰে মাক -দেওবাৰ শিকাব লাগিব,ধ্যান ৰাখিব লাগিব সিহঁত যাতে আমনি নেপায় ।

সন্তানৰ চৰিত্ৰ গঠনত কৰিবলগীয়া আন এক কাম হল,সদায় সৃষ্টিশীল কামৰ প্ৰতি সিহঁতক উদগনি যোগোৱা।মহাত্মা গান্ধী, ৰবীন্দ্ৰ নাথ ঠাকুৰ ,বেঞ্জামিন ফ্ৰেকলিন  বিভিন্ন মনীষী লেখক আদিৰ লিখনিত তেওঁ লোকৰ সৰু কালত মাক-দেউতাকৰ অৱদান পঢ়িবলৈ পাইছোঁ ,যাৰ বাবে সমাজত তেওঁ লোক এজন মহান ব্যক্তিৰ ৰূপে পৰিগণিত হৈছে।

আমাৰ দিনত মাক/দেউতাই বা শিক্ষা গুৰু চেকেনিৰ প্ৰয়োগ কৰিছিল। সেই সময়ত উচিত আছিল।যৌথ পৰিয়াল ককা /আইত/খুড়া আদিৰ মৰমত শিশুটিৰ অবাধ্য হৈছিল,যদিও তেওঁলোকৰ পৰা নৈতিক জ্ঞান লাভ কৰিছিল । শিশুটিৰ শিষ্টাচাৰ ধৈৰ্য্য আৰু সহ্য গুণ বেছি আছিল।  ধৈৰ্য্য আৰু সহ্য গুণৰ কাৰণে উপযুক্ত নাগৰিক হৈ সমাজত নিজৰ লগতে ,দেশৰ নাম উজলাই তুলিছিল।কিন্তু বৰ্তমান একক পৰিয়াল ।মাক/দেউতাকৰ লগতে শিশুটি ডাঙৰ হয় ।আগৰ দৰে পাঁচ/ছটা শিশু পৰিয়ালত নাথাকে।এটা বা দুটা শিশু এটা পৰিয়ালত,সেই কাৰণে বৰ্তমানৰ শিশুবোৰৰ অকণমান ধৈৰ্য্য শীলতাৰ অভাৱ দেখা যায় । এইবোৰ কাৰণৰ বাবেই সিহঁতক বন্ধু ত্ব আৰু মৰমেৰে শিকাব লাগিব । সৰুৰে পৰা মাক/ দেউতাকে সিহঁতক বিভিন্ন সাধুকথা আদিৰে নীতি শিক্ষা জ্ঞান দি পুংখানুপুংখ ভাৱে জড়িত থাকিব লাগিব ।

আজিকালি যিহেতু মোবাইলত আদি প্ৰযুক্তিবিদ্যাৰ যুগ, সিহঁতে সৰুৰে পৰাই সকলো জ্ঞান লাভ কৰিব সুবিধা পাই। ব্যক্তিগত ৰুচি/অভিৰুচি আৰু প্ৰবৃত্তি অনুসাৰে,স্বাভাৱিক সুন্দৰ আৰু শোভনীয় দিশবোৰ গ্ৰহণ কৰা,অশোভনীয় আৰু অহিতকৰ বিষয় বোৰ বৰ্জন কৰা শিকাব লাগিব। এই দায়িত্ব আমাৰ পিতৃ-মাতৃৰ আৰু কিছু ক্ষেত্ৰত শিক্ষক সকলৰ । কাৰণ আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক মূল আধাৰ।