সন্তানহীনতা
নিতুল নাথ
নেমুগুৰি, শিৱসাগৰ
মই আই হ’ব নোৱাৰিলোঁ বাবেই
কত যে কিমান উপাধিৰে বিভূষিত হ’লোঁ,
ঠাট্টা-মস্কৰা, অট্টহাস্য, কু-দৃষ্টিৰ কঠোৰ চাৱনি
ভদ্র সমাজৰ মুখা পিন্ধা ঠেক মনোবৃত্তি
মমতা কিম্বা মানৱতাহীন দানবৰ দৃষ্টি |
মই মাতৃ হ’ব নোৱাৰিলোঁ বাবে
মোৰ দোষৰ কাৰণ ক’ত ?
মাতৃত্ব হ’ব নোৱাৰাৰ ৰোগৰ বীজাণুটো
গাভৰু কালৰে পৰা সামৰি সাৱটি
ডিম্বাশয়ত মই জানো পুহি ৰাখিছিলোঁ ?
চিকিৎসা সেৱা, দান-দক্ষিণা, পূজা- অর্চনা
বহু হেঁপাহৰ অবিৰত প্রচেষ্টাৰ
বিফল সামৰণিৰ ধূসৰ প্রতিছবি
মোৰ দুচকুৰ সেমেকা দাপোণত আজিও ভাঁহি আছে |
অহর্নিশে হৃদয় উপকূলত কম্পমান হয়
ভূ-কম্পনৰ মৃদু জোকাৰণি
যি কম্পনত নিহত হয় অজস্র সপোনৰ উক্ মুকনি |
মাতৃ হ’ব নোৱাৰিলোঁ বাবেই
দিনে-ৰাতিয়ে অবিৰাম অভ্যস্ত অনুশীলন
নিজৰ ভিতৰতে নিজক লুকুৱাই ৰখাৰ অন্তহীন কৌশল ,
বিস্মৃতিৰ গর্ভত বিদায় দিব খোজোঁ
কালৰ পৰিক্ৰমাত এদিন দুর্জয় হ’ব খোজা
জীৱনৰ ৰঙীন দুঃস্বপ্ন কিম্বা মৰহি যোৱা হেঁপাহ-হাবিয়াসৰ আশাবোৰ |
মাতৃ হ’ব নোৱাৰাৰ বাবেই
মই হেনো কোলাত দেৱশিশু ল’ব নাজানো
শিল যেন কঠিন দুবাহুত কষ্ট পায়
ফেঁকুৰি উঠে চিয়ঁৰি চিয়ঁৰি ,
শিশুৰ কন্দনটো হেনো মোৰ হৃদয়ত অনুভৱ নহয় মমতাৰ মহানুভৱ |
এৰা ! মই মাতৃ হ’ব নোৱাৰিলোঁ
মইহে জানো কেৱল মইহে জানো
ৰাতিৰ কোন নিজান পৰত বাৰে বাৰে কাৰ বাবে
তুলি ধৰোঁ মোৰেই জেতুকা বুলীয়া দুহাত |
দুপৰ নিশা কাৰ চকুলোৰে তিয়াওঁ
শিতানৰ সাৰথি মোৰ গাৰুৰ গিলিপ কেঁচা টোপনিত |
