সদৌ মঙলদৈ ৰঙালী বিহুৰ মাৰাথন দৌৰ আৰু চাইকেল চালনা প্ৰতিযোগিতা

Pc Pinterest

সদৌ মঙলদৈ ৰঙালী বিহুৰ মাৰাথন দৌৰ আৰু চাইকেল চালনা প্ৰতিযোগিতা

কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অহা ১৬ আৰু ১৮ এপ্ৰিলত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব মাৰাথন দৌৰ আৰু চাইকেল চালনা প্ৰতিযোগিতা। ১৬ এপ্ৰিলৰ পুৱা ৪-০০ বজাত ছিপাঝাৰৰ প্ৰাগ বছিমী চিন্থেটিক লিমিটেডৰ সন্মুখৰ পৰা মঙলদৈ গান্ধী ময়দানৰ বিহুতলীলৈ হ’বলগীয়া এই মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰবীণ খেলুৱৈ তথা ক্ৰীড়া সংগঠক দেবেন্দ্ৰ বৰুৱাই। প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপকক ডাঃ ৰেৱতী মোহন বৰদলৈ সোঁৱৰণী ট্ৰফীসহ নগদ নগদ বাৰ হাজাৰ টকা, দ্বিতীয়ক দময়ন্তী বড়া সোঁৱৰণী ট্ৰফীসহ নগদ আঠ হাজাৰ টকা আৰু তৃতীয়ক দ্বীপেন শৰ্মা সোঁৱৰণী ট্ৰফীসহ নগদ চাৰি হাজাৰ টকা প্ৰদান কৰা হ’ব। আনহাতে একেটা স্থানৰ পৰাই হ’বলগা ৫০ বছৰ উৰ্ধৰ পুৰুষৰ ভেটাৰ্ণ এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপকক বুধেন ভাগৱতী সোঁৱৰণী ট্ৰফীসহ নগদ তিনি হাজাৰ টকা, দ্বিতীয়ক কবি চহৰীয়া সোঁৱৰণী ট্ৰফীসহ নগৰ দুহেজাৰ টকা আৰু তৃতীয়ক পুলিন চন্দ্ৰ ডেকা সোঁৱৰণী ট্ৰফীসহ নগদ ডেৰ হাজাৰ টকা প্ৰদান কৰা হ’ব। আনহাতে ১৮ এপ্ৰিলৰ পুৱা ৪-০০ বজাত ছিপাঝাৰৰ পৰা বড়িচৌকা, মহলিয়াপাৰা হৈ টংলাৰ টোকনকাটালৈ অনুষ্ঠিত হ’ব চাইক্লিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰাক্তন খেলুৱৈ তথা অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিভাগৰ শিক্ষক গিৰিন্দ্ৰ প্ৰসাদ বৰুৱাই। প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপকক হাচিনা বেগম সোঁৱৰণী ট্ৰফীসহ নগদ ১২ হাজাৰ টকা, দ্বিতীয়ক সুপ্ৰিয়া সৰকাৰ সোঁৱৰণী ট্ৰফীসহ নগদ আঠ হাজাৰ টকা আৰু তৃতীয়ক ইউথ ক্লাব ট্ৰফীসহ নগদ পাঁচ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মানৱ প্ৰতিম দাসে জনাইছে। এই দুয়োটা প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবলৈ ৭০০২২০২৮১৮ নম্বৰত ফোন কৰিবলৈ উদ্যোক্তা সকলে জনাইছে।