সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ১০ ঘণ্টীয়া অনশন কাৰ্য্যসূচী

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ১০ ঘণ্টীয়া অনশন কাৰ্য্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  দীঘলীপুখুৰীপাৰৰ প্ৰশান্তি উদ্যানত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আৰু প্ৰতিখন জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে।আজিৰ অনশন কাৰ্য্যসূচীত নেতৃত্ব প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য, উপ সভাপতি বিপুল ৰাভা, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত, সম্পাদক প্ৰাঞ্জল ডেকা, উপদেষ্টা অলকেশ নাথ, সদৌ কামৰূপ মহানগৰ জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলি,সম্পাদক টুটোমণি কলিতা।আমন্ত্ৰিত অতিথি হিচাপে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ ও উপ সভাপতি অসম সাহিত্য সভাৰ গীৰিশ সন্দিকৈ, জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সত্যেন্দ্ৰ শৰ্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বিপেন শৰ্মা, গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষা সন্মিলনীৰ সম্পাদক প্ৰদীপ কলিতা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামী, সদস্যা গীতাঞ্জলি ৰয়, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱাকে আদি কৰি প্ৰায় ১০০ জন মান ছাত্ৰ – ছাত্ৰীৰ লগতে নেতা বিষয়াই অংশ গ্ৰহন কৰে।অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ এনে হঠকাৰী, আকোৰগোঁজ স্থিতি পৰিহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজিৰে পৰা সমগ্ৰ অসমত আৰম্ভ কৰিছে অনশণৰ কাৰ্যসূচী। গুৱাহাটী দীঘলীপুখৰীপাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠিত এই কাৰ্যসূচীত বক্তাসকলে অসম চৰকাৰক সকীয়নী প্ৰদান কৰি কয় যে চৰকাৰে কোনো কাৰণতেই মাধ্যমৰ ওপৰত হাত নিদিব বুলি কয়।