সদৌ গুৱাহাটী চাফাই কৰ্মচাৰীৰ সংবাদ মেল

সদৌ গুৱাহাটী চাফাই কৰ্মচাৰীৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত সদৌ গুৱাহাটী চাফাই কৰ্মচাৰীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে কয় কালি চাফাই কৰ্মীৰ স্বয়ম্ভু নেতা ভীম বাস্ফৰে সাংবাদিকৰ আগত যিবোৰ মন্তব্য কৰিছিল তাক ধিক্কাৰ দি কয় যে গুৱাহাটীৰ হৰিজন লোক সকলে দলে বলে ভোট প্ৰদান কৰিবলৈ ওলাই আহিব। গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ এই নিৰ্বাচনক লৈ তেওঁলোক যথেষ্ট উৎসাহী। আনহাতে অসমত হৈ যোৱা দুয়োটা নিৰ্বাচনত হৰিজন সকলৰ কোনোৱে ভোট বৰ্জন কৰা নাই। নিজৰ নিজৰ সমষ্টিত ভোট দান কৰিছে। আনকি হৰিজন সকলৰ বহুলোকে প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলোৱাও দেখা গৈছে। কিন্তু এই ভীম বাস্ফৰ নামৰ লোক জনে নিজকে হৰিজন সম্প্ৰদায়ৰ নেতা জাহিৰ কৰি তেওঁ নিজৰ ব্যক্তি স্বাৰ্থত এক ভুৱা বাতৰি বিয়পাই হৰিজন লোক সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। গতিকে আজিৰ সংবাদ মেল যোগে তেওঁলোকে প্ৰশ্ন কৰিছে তেওঁ কাৰ লগত আলোচনা কৰি নোটাত ভোট প্ৰদান কৰা সিদ্ধান্ত লোৱাৰ কথা কৈছে। গুৱাহাটীৰ সৰ্বমুঠ ২৬ টা হৰিজন কলনিৰ কোন কোন লোক আছিল তেওঁলোকক জনাবলৈ প্ৰত্যাহ্বান জনায়। লগতে ভীম বাস্ফৰৰ এই মন্তব্যক ধিক্কাৰ জনায়। আৰু ভৱিষ্যতে এনে কাম নকৰিবলৈ সঁকিয়াই দিয়ে।লগতে নিৰ্বাচন আয়োগক ভীম বাস্ফৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ অনুৰোধ জনায়। সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক দীননাথ বাস্ফৰ, গাঁও প্ৰমুখ অমিত গুজৰাটী, সমাজ প্ৰমুখ অজিৎ কুমাৰ ভাঙ্গী, গাঁও প্ৰমুখ কৈলাশ কুমাৰ, ৰামায়ন বাস্ফৰ আৰু বিনোদ বাস্ফৰৰ লগতে কেইবাজনো লোক উপস্থিত থাকে৷