সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ অনশন

সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ অনশন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰউদ্যোগত দীঘলীপুখুৰী পাৰত থকা প্ৰশান্তি উদ্যানৰ চৌহদত ১১ ঘন্টীয় অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিপজ্যোতি মালাকৰ,সম্পাদক সমীৰণ কলিতা,কেন্দ্ৰীয় সমিতিৰ সদস্য জিতেন দাস,ৰূপম দাস,শিক্ষা সচিব টুটুমনি দাস,সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত,সম্পাদক প্ৰাঞ্জল ডেকা,প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ,উজান বজাৰ ভাওনা মহিলা সমাজৰ ইলা দাস সহ ১০০ জন মান উপস্থিত আছিল৷কাৰ্যসূচী চলি থকাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে-বৰ্তমান অসমৰ ৰাইজ অসন্তুষ্ট৷সংখ্যাৰ বলত চৰকাৰে জাতিটোক টেটু চেপা দিছে৷আছুৰ প্ৰতিখন জিলা কমিটীয়ে প্ৰতিবাদ কৰিছে৷হিন্দুয়েই হওক বা মুছলমানেই হওক সকলো বিদেশী অসমৰ পৰা যাব লাগিব৷উন্মুক্ত সীমা ছিল কৰিব লাগে৷ বাংলাদেশীক দেখা মাত্ৰকেই গুলীয়াব লাগে৷সমগ্ৰ অসমত CAAৰ আওঁতাৰ পৰা আঁতৰত ৰাখিব লাগে৷দেশৰ আন ৰাজ্যত যি কৰে কৰক৷ অসমৰ পৰিৱেশ সুকীয়া immigratio and foreign act 2025 অসমৰ পৰা বাতিল কৰিব লাগিব৷মুখ্যমন্ত্ৰীৰ কালি বক্তব্যত কা’ আন্দোলনে ন্যায্যতা পালে৷মুখ্যমন্ত্ৰীৰ মুখত প্ৰথমবাৰৰ বাবে কা’ আন্দোলনত নিহত পাঁচজন শ্বহীদে শ্বহীদ হিচাপে স্থান পালে৷এতিয়া শ্বহীদসকলৰ পৰিয়ালক ন্যায্যতা দিব লাগে৷তিনিগৰাকী বিদেশীক নাগৰিকত্ব দিবৰ বাবে পাঁচ গৰাকী যুৱকক হত্যা কৰা হ’ল নেকি৷ৰাজপথত অসমীয়া বাই ভনীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হ’ল৷ছাত্ৰ সন্থাই আলোচনাৰ নামত আলোচনা নকৰে৷কেৱল এইখন চৰকাৰৰ দিনতেই নহয় প্ৰতিখন চৰকাৰৰ দিনত আছুয়ে আলোচনাত বহিছে৷ আলোচনাৰ বাবে ছাত্ৰ সন্থাৰ দুৱাৰ সদায় খোলা আছে৷ আলোচনাও কৰি থাকিব, ভোটৰ ওপৰত দানৱ পৰাৰ দৰে এনে আইন জাপি দিব তাৰ বিৰুদ্ধে প্ৰতিবাদো কৰি থাকিব৷হীৰেন গোঁহাই চাৰ বিদ্যায়তনিকভাৱে শ্ৰদ্ধাৰ ব্যক্তি৷তেওঁৰ বক্তব্যৰ ওপৰত মন্তব্য দিয়াটো উচিত নহয়৷ পশ্চিম বংগৰ নিৰ্বাচনৰ সময় আহিলেই বিজেপি চৰকাৰৰ কা’ লৈ মনত পৰে৷সাম্প্ৰদায়িক উত্তেজনা বিৰাজ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাতোৱেই বিজেপিৰ প্ৰধান কাম৷ আনহাতে, সন্ধিয়া ৫:০০ বজাত পনীয়া আহাৰ গ্ৰহণ কৰি অনশন কাৰ্যসূচী সমাপ্ত কৰে৷তাৰ পাছত সন্ধিয়া ৫:১৫ বজাত প্ৰশান্তি উদ্যানৰ মূল প্ৰৱেশ দ্বাৰত প্ৰতিবেদন জ্বলাই অনশন কাৰ্যসূচী শেষ কৰে৷