সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম লেখিকা সমাৰোহ সমিতিৰ চচল শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন আজি চচলৰ ৰবীন্দ্ৰ নাথ দাস সভাগৃহত অতি উলহ মালহেৰে অনুষ্ঠিত হয়। সেই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰণীতা শৰ্মাই। বন্তি প্ৰজ্বলন কৰে উপদেষ্টা ড৹ হিৰণ্ময়ী নাথে। শাখাৰ জেষ্ঠা সদস্যা বীণা দাসে স্মৃতি তৰ্পন কৰে । বিয়লি ২-৩০ বজাৰ পৰা “চিৰ চেনেহী মোৰ ভাষা জননী” গীতেৰে আৰম্ভ হোৱা মুকলি সভাত পৌৰোহিত্য কৰে চচল শাখাৰ সভানেত্ৰী প্ৰণীতা শৰ্মাই। সভাখন উদ্বোধন কৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালী ভাগৱতীয়ে।চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চিত্ৰা দাসে আদৰনী ভাষন আগবঢ়ায়। তদুপৰি সম্পাদিকাই চচল শাখাৰ যোৱা দুটা বছৰৰ বিভিন্ন কাৰ্যসূচী তথা হিচাব-নিকাচৰ প্ৰতিবেদন পাঠ কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাবে আমন্ত্ৰিত ঝাৰখণ্ড বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা জেউতি বৰুৱাই “নাৰী, সাহিত্য আৰু সমাজ” এই বিষয়ৰ ওপৰত অতি তত্ত্বগধুৰ বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। আজিৰ সভাত চচল শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক মুখপত্ৰ লনী দত্ত, আৰু ড°মঞজুলা হুছেইনৰ সম্পাদিত”সুবাস” উন্মোচন কৰে ড°জেউতি বৰুৱাই, তদুপৰি এই সভাতে চচল শাখাৰ সদস্যা অঞ্জলী শৰ্মাৰ গল্প সংকল স্খলন উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক তথা কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা নীলিমা বৰাই। চচল শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা কালৰে পৰা থকা উপদেষ্টা বিশিষ্ট সাহিত্যিক ড°হিৰন্ময়ী নাথক শাখাৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। বিশিষ্ট অতিথিসকলৰ উপৰিও কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত বিভিন্ন শাখাৰ প্ৰতিনিধিসকল উপস্থিত থকা সভাখনত চচল সদস্যা অপৰ্ণা শইকিয়া আৰু লনী দত্তই আৰম্ভণিতে এটি সৰস্বতী বন্দনা আৰু শাখাৰ সদস্যাসকলে সমবেত সঙ্গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে।শেষত সভানেত্ৰীৰ চমু বক্তব্য আৰু সহ-সম্পাদিকা সান্ত্বনা দাস বৰ্মণে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সঙ্গীতেৰে সভাখনৰ সামৰণি পৰে।