সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মামনী ৰয়ছম গোস্বামীৰ জন্ম দিৱস উদ্‌যাপন

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মামনী ৰয়ছম গোস্বামীৰ জন্ম দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ চচল শাখাৰ উদ্যোগত জ্ঞানপীঠ বটা বিজয়ী মামনী ৰয়ছম গোস্বামীৰ জন্ম দিৱসটো প্ৰজ্ঞা দিৱস হিচাবে চচলৰ ৰবীন্দ্ৰ নাথ দাস সভাগৃহত উদযাপন কৰা হয়। সেই উপলক্ষে পুৱা 9 বজাত পতাকা উত্তোলন কৰে চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰণীতা শৰ্মাই। মামনী ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপ-সভানেত্ৰী আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালী ভাগৱতীয়ে। স্মৃতি তৰ্পণ কৰে শাখাৰ উপ-সভানেত্ৰী অন্নপ্ৰভা কাকতিয়ে। বিয়লি 2-30ত চচল শাখাৰ সদস্যা সকলে চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাত সম্পাদিকা চিত্ৰা দাসে আদৰনী ভাষন পাঠ কৰাৰ পিছতে মূল সভা খন উদ্বোধন কৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যবাহী সভানেত্ৰী দৰ্পনা বৰা নেওগে। চচল শাখাৰ সভানেত্ৰী প্ৰণীতা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা নন্দিতা চলিহা। মুখ্য অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট কবি তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড°গীতা বসুমতাৰীয়ে। তদুপৰি সভাখনত কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত কেইবাটাও শাখাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰাৰ উপৰিও চচল শতদল শাখা সাহিত্য সভাৰ বিশিষ্ট ব্যক্তি সকল, চচল জ্যেষ্ঠ নাগৰিক সভা আৰু চচল বিহু সমিতিৰ বিষয় ববিয়া সকলে যোগদান কৰে। আজিৰ সভাত অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ছিলং চহৰৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অঞ্জনা দেৱী বৰুৱা উপস্থিত থাকে।প্ৰতি গৰাকী বক্তাই, তেখেত সকলৰ মূল্যৱান ভাষনত জ্ঞানপীঠ বটা বিজয়ী গৰাকীৰ বৰ্ণাঢ্য জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত মালা শৰ্মাৰ ভজনে সকলোৰে অন্তৰ চুই যায়। তদুপৰি চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলে পৰিবেশন কৰা মামনী ৰয়ছম গোস্বামীৰ ‘নক্সা’ কবিতাটোৰ সমূহীয়া আবৃত্তিয়ে সকলোকে আপ্লুত কৰি তোলে। উক্ত সভাতে প্ৰজ্ঞা দিৱসৰ লগত সংগতি ৰাখি শিশু সকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজত বটা সমূহ বিতৰণ কৰা হয়। সভানেত্ৰীৰ ভাষনত প্ৰণীতা শৰ্মাই মামনী ৰয়ছম গোস্বামীৰ স্মৃতিক সজীৱ কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শেষত সহ-সম্পাদিকা সান্ত্বনা দাস বৰ্মণে সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় আৰু তাৰপিছতেই অসম সংগীতৰে সভাখন সমাপ্ত কৰা হয়।