সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু প্ৰেৰণা দিৱস পালন

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু প্ৰেৰণা দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ অসমতে যোৱা ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিবস উদযাপন কৰাৰ দৰে ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিয়ে বিভিন্ন শাখাৰ সদস্যাসকলৰ মাজত সন্ধিয়া ৭:৩০বজাত অনলাইন যোগে “বিষ্ণুপ্ৰসাদ ৰাভা দিৱস” আৰু “প্ৰেৰণা দিৱস” উদযাপন কৰা হয় । সদস্যা সকলে বিভিন্ন গীত মাতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। জিলা সভানেত্ৰী ৰেণু ফুকনে আদৰণী ভাষণ আৰু সৰস্বতী নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে বিষদ ভাৱে আলোকপাত কৰাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী ড° জুনু মহন্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সুন্দৰ বক্তব্য প্ৰদান কৰে। সম্পাদিকা গীতালি মহন্তই আঁত ধৰা অনুষ্ঠানটিত কবিতা আৰু গীত পৰিবেশন কৰে। চাবুৱা শাখাৰ পূৰ্ণিমা দুৱৰা দিহিঙীয়াই কবিতা, জোনাকী শাখাৰ সম্পাদিকা ৰূপাৰাণী বৰুৱাই স্ব-ৰচিত কবিতা, দুলীয়াজান শাখাৰ সভানেত্ৰী বৰ্ণালী গোস্বামীয়ে ৰাভা সংগীত, ডিব্ৰুগড় শাখাৰ কানন বৰুৱা আৰু মানসী বৰুৱাই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে নিমন্ত্ৰিত মাকুম শাখাৰ সম্পাদিকা মানসী বৰুৱাৰ ৰাভা সংগীতে সভাখন সাফল্য মণ্ডিত কৰি তোলে। ডিব্ৰুগড় জিলাৰ কাৰ্য্যকৰি সভানেত্ৰী আৰতি দেৱী শৰ্মা আৰু নামৰূপ শাখাৰ সভানেত্ৰী অনিমা দেউৰীয়ে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জোনাকী শাখাৰ সম্পাদিকা ৰূপাৰাণী বৰুৱা আৰু সভানেত্ৰী ৰেণু ফুকনে সকলোৰে শলাগ লৈ সভা ভঙ্গ ঘোষণা কৰে।