সদৌ অসম লেখিকা সমাৰোহ ডিব্ৰুগড় জিলা সমিতিৰ দুদিনীয়া কাৰ্যসূচীৰ নাটক লিখা আৰু অভিনয় কৰ্মশালা

সদৌ অসম লেখিকা সমাৰোহ ডিব্ৰুগড় জিলা সমিতিৰ দুদিনীয়া কাৰ্যসূচীৰ নাটক লিখা আৰু অভিনয় কৰ্মশালা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম লেখিকা সমাৰোহ সমিতি, ডিব্ৰুগড় জিলা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে যোৱা ১৮ জুলাই মঙ্গলবাৰে পুৱা ১০বজাত জিলা সভানেত্ৰী ৰেণু ফুকনৰ বন্তী প্ৰজ্বলনৰ পাছতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ড° ভাৰতী দত্তৰ উদ্বোধনী ভাষণৰ পাছতেই কৰ্মশালা আৰম্ভ হয়। বিশিষ্ট নাট্যকাৰ অসীম কুমাৰ শৰ্মাদেৱে সমল ব্যক্তি হিচাপে উপস্থিত থকা অনুষ্ঠানটি আঁত ধৰে জিলা সম্পাদিকা গীতালি মহন্তই। কুৰি গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিয়ে অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তোলে। প্ৰথম দিনা কাৰ্যসূচী দিনৰ ২ বজাত অন্ত পৰে। ১৯তাৰিখ বুধবাৰৰ দিনা পুৱা ১০বজাৰ পৰা দুপৰীয়া ১ বজালৈ কৰ্মশালা, দুপৰীয়া আহাৰ বিৰতিৰ পিছতেই সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে সমল ব্যক্তি শৰ্মাক কিতাপৰ টোপোলা আৰু স্বীকৃতিপত্ৰ প্ৰদান কৰা হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কায্যকৰি সভানেত্ৰী তথা কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ভাৰতী দত্তসহ সম্পাদিকা বিজয়লক্ষী শৰ্মা গোস্বামী, জিলা কাৰ্যকৰি সভানেত্ৰী তথা ডিব্ৰুগড় শাখাৰ সভানেত্ৰী ড° প্ৰাতসলতা বুঢ়াগোঁহাই, জিলা উপসভানেত্ৰী অঞ্জলী বড়া সেনাপতিসহ সম্পাদিকা পাৰুল বৰুৱা,দুলীয়াজান শাখাৰ সভানেত্ৰী বৰ্ণালী গোস্বামী, সাংস্কৃতিক সম্পাদিকা মৃদুস্মিতা ফুকন, ড° দীপাঞ্জনা দত্ত দাস, দত্ত, শান্তনা বৰুৱা, মিতালী মহন ভৰালী, কানন বৰুৱা, মানসী বৰুৱা, মিনু দেৱী, অৰুনিমা তালুকদাৰ, সুদক্ষিণা দাস, তুলসী দত্ত, সঞ্জনা বৰদলৈ, জ্যোতি বৰগোঁহাই আদি অনুষ্ঠানত উপস্থিত থাকে।