সদৌ অসম মধ্যাহ্ণ ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদ মেল

সদৌ অসম মধ্যাহ্ণ ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম মধ্যহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ সভানেত্ৰী স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰদান কৰি এখন সংবাদমেল আয়োজন কৰে। আজিৰ সংবাদমেলত সভানেত্ৰী ভনিতা পাঠক, সম্পাদিকা কনকলতা দাস, মহিদা বেগম , লাৱণ্য ডেকা, দীপালি কলিতা প্ৰমুখ্যে সাংবাদিক সহ প্ৰায় ১৮ জন কৰ্মকৰতা উপস্থিত আছিল । উল্লেখ থাকে যে মধ্যাহ্ন ভোজনৰ ৰূপায়নৰ কাম NGO (ব্যক্তিগত) খন্ডত দিয়াৰ তীব্ৰ বিৰোধীতা কৰি প্ৰত্যাহাৰৰ দাবীত অহা ইং ১৭/০৬/২০২৫ তাৰিখে জিলাই জিলাই শিক্ষাখণ্ডত বা আয়ুক্ত কাৰ্যালয়ত ৰাতিপুৱা ৯:০০ বজাৰ পৰা বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংবাদ মাধ্যম যোগে ৰাজহুৱা কৰে।