সদৌ অসম ভিত্তিত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰাইজমাণী চিত্ৰাংকন

সদৌ অসম ভিত্তিত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰাইজমাণী চিত্ৰাংকন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ছয়মাইল চছলত অৱস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত অহা ৮ ডিচেম্বৰ ২০২৪ দেওবাৰে লণ্ডন, আমেৰিকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড, অসম, ইণ্ডিয়া, এছিয়া বুকছ ৰেকৰ্ডত অন্তৰ্ভুক্ত আনুপূৰ্বিক আৰ্ট এণ্ড ক্ৰাফট ইনষ্টিটিউটৰ দ্বাৰা পৰিচালিত আৰু চৰকাৰী পঞ্জীয়নভুক্ত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে স্বৰ্গীয় অনলজ্যোতি দাস সোঁৱৰণী সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷তিনিটা শাখাত সীমাবদ্ধ থকা এই প্ৰতিযোগিতাত ক- শাখা প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণী, খ-শাথা ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী আৰু গ-শাখা নৱম শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈ সীমাবদ্ধ থাকিব । নগদ সৰ্বমুঠ ২৫০০০ হেজাৰ টকা, সুদৰ্শন ট্ৰফী আৰু যোগ্যতাৰ মানপত্ৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হ’ব ৷ উদ্যোক্তা মণ্ডলীয়ে উল্লেখ কৰা মতে যোগদান কৰা প্ৰতিজন প্ৰতিযোগীকে অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰাৰ লগতে উদগণি বঁটা প্ৰদান কৰা হ’ব ৷ এক দূৰ্ঘটনাত মৃত্যুবৰণ কৰা প্ৰয়াত চিত্ৰশিল্পী অনলজ্যোতি দাসৰ সোঁৱৰণত অনুষ্ঠিত এই প্ৰতিযোগিতাত আগতীয়াকৈ ( https://forms.gleো/ToRSKTwFQmKneyCK7) এই লিংকত অনলাইনযোগে পঞ্জীয়নৰ ব্যৱস্থা থাকিব লগতে প্ৰতিযোগিতাৰ দিনা প্ৰতিজন প্ৰতিযোগীয়ে ৰাতিপুৱা ৯ বজাৰ ভিতৰত নিজৰ বয়সৰ প্ৰমাণপত্ৰ ( বিদ্যালয়ৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড) জমা দিব লাগিব ৷ প্ৰতিযোগিতাৰ দিনা অফলাইনযোগেও যোগদানৰ ব্যৱস্থা থাকিব ৷ ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ সমাপ্তিৰ পিছতে ফলাফল ঘোষণা অংশগ্ৰহণৰ মানপত্ৰ আৰু নগদ ধন আৰু বঁটাসমূহ বঁটা বিতৰণী সভাত প্ৰদান কৰা হ’ব ৷ উক্ত প্ৰতিযোগিতাৰ সফল যোগদানৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক এক প্ৰেছ বিজ্ঞপ্তি যোগে উদ্যোক্তা অনুষ্ঠানৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰে জানিবলৈ দিয়ে ৷ লগতে প্ৰতিযোগীসকলে ৭৫৭৭০১৭৮৭৬, ৯৮৬৪১১০৭০৮ অথবা ৯৪৩৫৩৪৮৫৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷