সদৌ অসম ব্যৱসায়ী সন্থাৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম ব্যৱসায়ী সন্থাৰ উদ্যোগত এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত তেওঁলোকে কয় যে, চৰকাৰৰ ৰাজপত্ৰৰ এক ঘোষণাৰ জৰিয়তে (২০১৬ চনৰ স্তম অনুজ্ঞাপত্ৰ সংক্ৰান্তত) সন্থাৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাধান হয়। শ্ৰম অনুজ্ঞাপত্ৰৰ মাছুলৰ সুৰুঙাৰ সুবিধা লৈ ব্যৱসায়ী সকলৰ ওপৰত চলাই থকা লাইচেঞ্চৰাজ আৰু ইন্সপেক্টৰ ৰাজৰ অৱষান ঘটাই ডঃ হিমন্ত বিশ্ব শৰ্মাই মজলীয়া ব্যৱসায়ী সকলৰ এটা ডাঙৰ সমস্যা সমাধান কৰিলে। আৰু এই কামৰ বাবে অসম চৰকাৰ তথা ডঃ হিমন্ত বিশ্ব শৰ্মাক, সন্থাই কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰে। তাৰোপৰি তেওঁলোকে চৰকাৰৰ ওচৰত এটি দাবী উত্থাপন কৰে যে, যোৱা কভিদৰ সময়ত ক্ষুদ্ৰ আৰু মজলীয়া সকলো ব্যৱসায়ী আৰ্থিক বাবে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয়। গতিকে চৰকাৰে এই ব্যৱসায়ী সকলৰ বাবে এক কালীন ভাবে হলেও কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যবস্থা কৰে। আজিৰ সংবাদ মেলত মুখ্য আহ্বায়ক নয়ন দেৱান,বকুল বৰঠাকুৰ, জগবন্ধু পাল, মুখ্য আহ্বায়ক প্ৰানাটোশ ৰায়কে আদি কৰি সাংবাদিক সহ প্ৰায় ১৫ গৰাকী ব্যক্তি উপস্থিত আছিল।