সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব চৰ্জুন হান্সেক

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব চৰ্জুন হান্সেক

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম ছাত্ৰ সন্থাৰ  এখন জৰুৰী ৰাজ্যিক কাৰ্যনিবাহক সভাখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ মুখ্য কাৰ্যালয়ত সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷আজিৰ সভাই ছাত্ৰ সন্থাৰ স্থায়ী সম্পাদক নিৰ্বাচিত নোহোৱা পৰ্যন্ত সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হান্সেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে৷ অহা চাৰিমাহৰ ভিতৰত সন্থাৰ হ’বলগীয়া সাধাৰণ সভাত ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হ’ব৷ এই চাৰিমাহ চৰ্জুন হান্সেই ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিব৷চৰ্জুন হান্সেৰ ঘৰ কাৰ্বি আংলংত৷প্ৰথম গৰাকী কাৰ্বি জনগোষ্ঠীৰ সন্তানে লাভ কৰিলে ছাত্ৰ সন্থাৰ মুখ্যপদ৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সাংবদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- অহা ৪ মাহৰ পিছত সাধাৰণ সভা অনুষ্ঠিত হ’ব৷ সাধাৰণ সভা নোহোৱা পৰ্যন্ত চৰ্জুন হান্সেই দায়িত্বভাৰ চলাই নিব৷শংকৰজ্যোতি বৰুৱাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে কাৰ্যনিৰ্বাহক সভাই৷শংকৰজ্যোতি বৰুৱাৰ ঘটনাটোৰ তদন্ত কৰিবলৈ ১০ জনীয়া সমিতি গঠন কৰি দিছে কাৰ্যনিৰ্বাহকে৷ সামাজিক মাধ্যমত ছাত্ৰ সন্থাৰ মাজত ভাঙোন অনাৰ চেষ্টা কৰা বিষয়টোতো তদন্ত কৰিব এই সমিতিয়ে৷শংকৰ বৰুৱাই ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ মাজত ভাঙোন আনিবলৈ চেষ্টা কৰাৰো অভিযোগ আহিছিল৷সংগঠনটোৰ স্বাৰ্থত প্ৰতিবেদনৰ পিছত কিছু সিদ্ধান্ত গ্ৰহণ কৰিব৷বিপ্লৱ শৰ্মা আয়োগৰ সন্দৰ্ভত তেওঁ কয়-অসম চুক্তি ৰূপায়নৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ কাৰ্যনিৰ্বাহকত আলোচনা কৰা হয়৷সৰু সৰু কিছুমান বিষয় আছে আয়োগৰ প্ৰতিবেদনত৷ আয়োগৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক সহায় কৰিব৷সমুজ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাক সাক্ষাৎ কৰি ঘটনাৰ বিষয়ে অৱগত কৰে ছাত্ৰী গৰাকীয়ে৷তেওঁ কাৰ্যনিৰ্বাহকক এখন অভিযোগ পত্ৰ দিছে ন্যায় বিচাৰি৷  এইক্ষেত্ৰত ভুক্তভোগী ছাত্ৰী গৰাকীৰ সৈতে কথা পাতিব তদন্ত কমিটীয়ে৷ আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্য কয়-কাৰ্বি আলংঙত ছাত্ৰ সন্থাক শক্তিশালী কৰিবৰ বাবে যথেষ্ট খিনি অৱদান আগবঢ়াইছে হান্সে৷হান্সেৰ দৰে এগৰাকী নেতাক দায়িত্ব দিবলৈ পাই মই যথেষ্ট সুখী৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বিপ্লৱ শৰ্মা কমিটীয়ে অসমীয়াৰ সাংবিধানিক কবচৰ সকলো পৰামৰ্শ দি দিছে৷আয়োগে দিয়া প্ৰতিবেদন অনুসৰি অসম চৰকাৰৰ হাতত থকা বিষয়বোৰ কাৰ্যকৰী কৰিম বুলি কেবিনেটত লোৱা সিদ্ধান্তক আদৰণি জনাইছোঁ৷ আয়োগৰ প্ৰতিটো দফাই কাৰ্যকৰী হ’ব লাগিব ৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে কোৱাৰ দৰে প্ৰতিটো দফাই দাঢ়ি,কমা নোহোৱাকৈ কাৰ্যকৰী হ’ব লাগিব৷ উক্ত কাৰ্যনিবাহক সভাত সদস্য,সাংবাদিকসহ প্ৰায় ৪৫ জন ব্যক্তি উপস্থিত থাকে৷