সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা চন্দন শৰ্মাৰ বিয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা , গুৱাহাটী পৌৰ নিগম কৰ্মী সংঘৰ সম্পাদক, সমাজকৰ্মী চন্দন শৰ্মাৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ ৫৩ বছৰ বয়স হৈছিল। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি থকা প্ৰয়াত চন্দন শৰ্মাই নিজবাসগৃহত পুৱতি নিশা প্ৰায় ২:৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।উল্লেখ্য যে প্ৰয়াত চন্দন শৰ্মা গুৱাহাটী পৌৰ নিগমৰ এগৰাকী নিষ্ঠাৱান কৰ্মী আছিল। তেওঁ গুৱাহাটী পৌৰ নিগম কৰ্মী সংঘৰ সৈতে ১৯৯২ চনৰ পৰাই জড়িত হৈ পৰাৰ লগতে সম্পাদক হিচাপে দায়িত্ব বহন কৰিছিল। ইয়াৰ উপৰি এগৰাকী শ্ৰমিক নেতাৰূপে তেওঁ মজদূৰ ইউনিয়নকে ধৰি পৌৰ নিগমৰ চাৰিটা কৰ্মী সংঘৰ কোৰ কমিটীৰ আহ্বায়কৰূপেও দায়িত্ব বহন কৰিছিল। শৰ্মা কুমাৰপাৰা নয়ন তৰা ক্লাৱৰ প্ৰতিস্থাপক সদস্য আছিল৷ক্লাবত প্ৰথম দূৰ্গা পূজা প্ৰতিষ্ঠা কৰাৰ লগতে পশ্চিম গুৱাহাটী বিহু সন্মিলন,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সন্মিলনৰ সতীৰ্থ আছিল ৷ ১৯৮৭ চনত শান্তিপুৰ ভৰলু ছাত্ৰ সন্হাৰ চন্দন সধাৰণ সম্পাদক আছিল ৷ প্ৰয়াত চন্দন শৰ্মাই মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী কন্যা সন্তান তথা বহু আত্মীয় স্বজনক ইঁহ সংসাৰত এৰি থৈ যায়।প্ৰয়াত চন্দন শৰ্মাৰ নশ্বৰ দেহ উজান বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় আৰু তাত শেষ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ভূতনাথ শ্মশানত সম্পন্ন কৰা হয়৷