সদৌ অসম ছাত্ৰ সন্থাৰ গৌৰৱোজ্জল যাত্ৰা স্তিমিত হোৱাৰ পথত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই (All Assam Students Union) সংক্ষেপে AASU বা আছুয়ে সুদীৰ্ঘ পঞ্চাছ বছৰ ধৰি অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশতে সক্ৰিয় অংশ গ্ৰহণ কৰি নেতৃত্ব প্ৰদান কৰিছিল। বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান যেনে অসমত দ্বিতীয় তেল শোধনাগাৰ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দ্বিতীয় দলং, লেপেটকটাত গেছ ক্ৰেকাৰ প্ৰকল্প, উত্তৰ গুৱাহাটীত আই আই টি , নামৰূপ সাৰ কাৰখানা ইত্যাদি প্ৰতিষ্ঠা কৰাৰ বাবে আন্দোলন কৰি কৃতকাৰ্যতা লাভ কৰিছিল । আৰু আছুৰ নেতৃত্বত মাধ্যম আন্দোলন কৰিবলৈ গৈ দুজন তজবজীয়া কৈশোৰৰ আত্ম বলিদানেৰে আছুৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।
আছুৰ আটাইতকৈ গৌৰৱোজ্জল ইতিহাস হ’ল, ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে বিদেশী বিতাড়ন আন্দোলন। আছুৰ নেতৃত্বত গঢ়ি উঠা এই আন্দোলনত অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈকৈ লাখ লাখ অসমীয়াই জঁপিয়াই পৰিছিল। প্ৰায় নশ জন অসমীয়াই ছহিদ বৰণ কৰাৰ বিনিময়ত ১৯৮৫ চনৰ ১৫ আগষ্টত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত নতুন দিল্লীত আছুৰ নেতৃবৰ্গৰ সৈতে হোৱা এক দলিলপত্ৰত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী কা আন্দোলনতো আছুয়ে নেতৃত্ব প্ৰদান কৰিছিল।কিন্তু, অসমত এন আৰ চি (National Registration Certificate) ৰ প্ৰক্ৰিয়া চলি থাকঁতেই আছুৰ ভিতৰ চ’ৰাত খহনীয়াৰ সূত্ৰপাত হয়। আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই এন আৰ চি – ৰ মুখ্য সমন্বয়ক অসম” ৰ প্ৰতীক হাজেলাৰ পৰা এক বুজন অংশ ধন উপঢৌকন লোৱা বুলি আছুৰ মাজত বু বা আৰম্ভ হ’বলৈ ধৰিলে।তাৰ পিছত যোৱা এপ্ৰিল মাহৰ ১২/১৩ আৰু ১৪ তাৰিখে বিহুৰ আদৰণী অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক নিমন্ত্ৰণ কৰাৰ অপৰাধত ডিমৰীয়া ছাত্ৰ সন্থাৰ লগত জড়িত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিক কেন্দ্ৰীয় কমিটিয়ে এবছৰৰ বাবে সংগঠনৰ পৰা অব্যাহতি দিয়ে। তদানীন্তন কেন্দ্ৰীয় কমিটিৰ সভাপতি দিপাংক কুমাৰ নাথৰ সভাপতিত্বত আগন্তুক সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন মৰিগাঁৱত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে উৎপল শৰ্মাক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি দিয়া কাৰ্য সংবিধান বিৰোধী বুলিও দিব্যজ্যোতি মেধিয়ে মন্তব্য কৰাৰ বাবেও কেন্দ্ৰীয় কমিটিয়ে তেওঁৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছিল।আনপিনে দশম, একাদশ আৰু দ্বাদশ পৰিকল্পনা আয়োগে ২০১৩ চনত ডিমৰীয়া মহাবিদ্যালয়ক আৱন্টিত কৰা দহ কোটি টকাৰ হিচাব বিচাৰি ইউ জি চি য়ে বাৰে বাৰে চিঠি দিয়া স্বত্তেও কোনো প্ৰতোত্তৰ দিয়াৰ পৰা বিৰত থাকে। যাৰ ফলত ইউ জি চি য়ে ডিমৰীয়া মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অনিশ্চিত হোৱাৰ আশংকা কৰি ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই এইখন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ সময়তেই আছুৰ কেন্দ্ৰীয় কমিটিয়ে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাখন ভঙ্গ কৰি দিয়ে।তেতিয়া সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিৰ নেতৃত্বত গুৱাহাটীৰ জিলা আৰু ছেছন ন্যায়ালয়ত ছেপ্টেম্বৰত আছুৰ কেন্দ্ৰীয় কমিটিৰ এই ৰায়ৰ বিৰুদ্ধে গোচৰ তৰি কেন্দ্ৰীয় কমিটিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনে।
১/ দিব্যজ্যোতি মেধিৰ বিৰুদ্ধে কোনো কৈফিয়ত তলব নকৰাকৈ এবছৰৰ বাবে সংগঠনৰ পৰা অব্যাহতি দিয়া আছুৰ সংবিধান বিৰোধী, পক্ষপাতিত্বমূলক আৰু দুৰ্নীতিক গাপ দিয়াৰ অপচেষ্টা মাথোঁ।
২/ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ডিমোৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ তথা
কৰ্তৃপক্ষই পৰিকল্পনা আয়োগে দহ কোটি টকাৰ হিচাব দাখিল নকৰাৰ বাবে ইউ জি চি য়ে মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সময়তেই আঞ্চলিক ছাত্ৰ সন্থাখন ভঙ্গ কৰা কাৰ্য অনৈতিক,ষড়যন্ত্ৰমূলক আৰু নিয়ম বহিৰ্ভূত।
৩/ আছুৰ কেন্দ্ৰীয় কমিটিত ৫৫ জন সদস্য আছুৰ সংবিধানৰ ধাৰা মতে ছাত্ৰ সন্থাত থকাৰ কোনো অধিকাৰ নাই। কাৰণ, সংবিধানৰ ধাৰা মতে ৪০ অনুৰ্ধ্বৰ ছাত্ৰ -ছাত্ৰীয়ে আছুৰ সদস্য হ’ব পাৰে আৰু ৪২ বছৰৰ উৰ্ধৰ কোনোৱে ছাত্ৰ সন্থাৰ সদস্য হ’ব নোৱাৰে।কেন্দ্ৰীয় কমিটিৰ সদস্যজন ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। কিন্তু, কেন্দ্ৰীয় কমিটিৰ ৫৫ জন সদস্য সংবিধানৰ ধাৰাত নপৰে।
৪/ আছুৰ কেন্দ্ৰীয় কমিটিয়ে ৰাজনৈতিক দলৰ বিধায়ক, মন্ত্ৰীক সভা -সমিতিত নিমন্ত্ৰণ কৰি ডিঙিত গামোচা পিন্ধাই দিয়া ছাত্ৰ সন্থাৰ আইন বিৰোধী।
আছুৰ কেন্দ্ৰীয় কমিটিৰ সকলো ৰায়ৰ বিৰুদ্ধে গুৱাহাটী জিলা আৰু ছেছন ন্যায়ালয়ে চেপ্তেম্বৰ মাহৰ ২৬ তাৰিখে ( মঙ্গলবাৰ) স্থগিতাদেশ ঘোষণা কৰি দিব্যজ্যোতি মেধিক এবছৰৰ বাবে সংগঠনৰ পৰা অব্যাহতি দিয়া কাৰ্য আইনবিৰুদ্ধ আৰু ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাখন ভঙ্গ কৰা তেওঁলোকৰ এক্তিয়াৰভুক্ত নহয়।লগতে ন্যায়ালয়ে কেন্দ্ৰীয় কমিটিৰ সদস্যসকলে তেওঁলোকৰ বয়সৰ প্ৰমাণপত্ৰ আৰু এপিডেভিট ন্যায়ালয়ত অতি শীঘ্ৰে জমা দিবলৈ নিৰ্দেশ দিলে।গুৱাহাটী জিলা আৰু ছেছন ন্যায়ালয়ৰ স্থগিতাদেশ ঘোষণাত আছুৰ কেন্দ্ৰীয় কমিটিয়ে মুখ ঠেকেচা খালে।অতি শীঘ্ৰে সদৌ অসম ছাত্ৰ সন্থাই অৰ্থাৎ আছুয়ে এই সংগঠনটোৰ সংবিধান অনুযায়ী সংগঠনৰ অ-ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি সংস্কাৰ সাধন কৰা উচিত। এই সংগঠনত কোনো স্বৈৰাচাৰী,এক- নায়কত্ববাদী নেতৃত্বৰ অৱকাশ নাই । অসমৰ সকলো ছাত্ৰ-ছাত্ৰীক আছুৰ ছত্ৰছায়াত আনি সদৌ অসম ছাত্ৰ সন্থাক (All Assam Students Union, AASU) অৰ্থাৎ আছুক অসমৰ জাতীয় সংগঠন হিচাপে গঢ়ি তুলিবলৈ সকলোৱে আগবাঢ়ি অহা উচিত হ’ব।