সদৌ অসম ছাত্ৰ সন্থাৰ কা’ বিৰোধী প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ কা’ বিৰোধী প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ উজানবজাৰস্থিত আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসৰ সন্মূখত কামৰূপ মহানগৰৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কা’ বিৰোধী এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিপজ্যোতি মালাকাৰ,সাধাৰণ সম্পাদক সমীৰন কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটীৰ শিক্ষা সচিব টুটুমনি কলিতা,কাৰ্যনিবাহক সদস্য জীতেন দাসৰ নেতৃত্বত ৩৫ জন সদস্য- সদস্যাই অংশ গ্ৰহণ কৰে।উল্লেখ থাকে যে অসমত ‘কা’ বলৱৎ কৰা সন্দৰ্ভত “কা” আমি নামানো,উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য হৈ থকা ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যত কিয় কা’ বলবৎ নহয় ,অসমত কিয় বলবৎ হ’ব। অসম চুক্তিৰ ষষ্ঠ অনুসূচী ভাৰত চৰকাৰ, অসম চৰকাৰে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিয়? CAA সম্পৰ্কত অসম চৰকাৰে জাননী দিছিল কিয়? এনেধৰণৰ উত্তাল ধ্বনিৰে হাতে হাতে প্লে কাৰ্ড , বেনাৰ আদি লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তপ্ত পৰিস্থিতি কৰি,CAA আইনৰ প্ৰতিলিপি দাহ কৰে। সাংবাদিক সকলৰ আগত CAA আইন আৰু আদালতৰ আইনী যুঁজ সমানে সমানে চলি থাকিব,শীঘ্ৰে কা’ বাতিল নকৰিলে অনাগত দিনত তীব্ৰতৰ জংগী আন্দোলন গঢ়ি তুলিব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে সম্পাদক সমীৰন কলিতা আৰু শিক্ষা সচিব টুটুমনি কলিতাই মত প্ৰকাশ কৰে ।