সদৌ অসম ছাত্ৰ সন্থা,(নেচো)ৰ ক’লা দিৱস পালন

Pc Facebook

সদৌ অসম ছাত্ৰ সন্থা,(নেচো)ৰ ক’লা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  উজান বজাৰস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ শ্বহীদ ন্যাসত গুৱাহাটী মহানগৰ ছাত্ৰ সন্থাৰ উদ্যোগত নেচোৰ আহ্বান মৰ্মে, উত্তৰ পূবৰ ছয়খন ৰাজ্যৰ লগতে অসমতো ছাত্ৰ সন্থাই কলা পতাকা উত্তোলন কৰি কলা দিৱস পালন কৰে। কাৰ্যসূচীত মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, প্ৰাঞ্জল ডেকা, জিতেন দাস, সমীৰণ কলিতাৰ লগতে প্ৰায় ৬০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে কলা পতাকা লৈ চৰকাৰ বিৰোধী, কা’ আমি নামনো, কা’ বাতিল কৰিবই লাগিব, আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে। উল্লেখ থাকে যে, দেশত কা’ আইন বলৱৎ কৰা আজি ছয় বছৰ সম্পূৰ্ণ হ’ল। উত্তৰ পূৰ্বাঞ্চলৰ সকলো জন সাধাৰণে কা’ আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰি আহিছে। তৎ স্বত্বেও চৰকাৰৰ গা ল’ৰা নাই। গতিকে জোৰ জবৰদস্তি জাপি দিয়া কা’ আইন ছাত্ৰ সন্থাই নামানে। সেয়েহে আজিৰ দিনটোক কলা দিন হিচাবে পালন কৰে।