সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ফাতেহা ই দোৱাজ দহম
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ব্যৱস্থাপনাত বিশ্বানাথ জিলা সমিতিৰ সহযোগত বৃহত্তৰ ঘাঁহিগাঁওবাসী ৰাইজৰ আতিথ্যত ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে চতিয়াৰ নুৰপুৰত ফাতেহা-ই- দোৱাজদহম উপলক্ষে দিগ-দৰ্শন-সমাৰোহৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ প্ৰথম দিনা সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেয়ে উক্ত জিকিৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক দলক আগতীয়াকৈ যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷জিকিৰ প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ হ’ল – জিকিৰ সমূহ আজানপীৰ চাহেবৰ ৰচিত হ’ব লাগিব।,প্ৰত্যেক দলত নিন্মতম ৫(পাঁচ)গৰাকী আৰু অধিকতম ১০(দহ)গৰাকী সদস্য থকিব লাগিব।, দল সমূহত যুৱক-যুৱতীৰ সংমিশ্ৰণ হ’ব নোৱাৰিব।, জিকিৰ পৰিৱেশন কৰা সময়ত যুৱতী সকলে চাদৰ-মেখেলা পৰিধান কৰাৰ লগতে মুৰত ওৰণা হিচাপে বগা কাপোৰ ব্যৱহাৰ কৰিব লাগিব (হিজাব পৰিধান কৰিব নোৱাৰিব), যুৱক সকলে বগা কুৰ্তা পায়জামা পৰিধান কৰাৰ লগতে মুৰত মথুৰা পাগ ব্যৱহাৰ কৰিব লাগিব,প্ৰতিযোগী সকল সপ্তম শ্ৰেণীৰপৰা স্নাতক পৰ্যায়ৰ ভিতৰত হ’ব লাগিব।, সম্পূৰ্ণ থলুৱা লোকবাদ্য যেনে – দোতোৰা, বাঁহী আদিহে ব্যৱহাৰ কৰিব লাগিব।, প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত দলক ক্ৰমে নগদ ২৫০০০/-, ১৫০০০/- আৰু ১০০০০/- টকাৰে পুৰস্কৃত কৰা হ’ব।উপৰোক্ত অনুষ্ঠানৰ দ্বিতীয় দিনা ২৬ নম্বেৱৰৰত মুকলি সভাত প্ৰকাশ কৰিব লগা আলোচনী ’তালিম’ৰ বাবে প্ৰবন্ধ বিচৰা হৈছে ৷ ইচ্ছুক সকলে ৩০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰবন্ধ সমূহ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিলোঁ৷