সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যিক কৰ্মচাৰী সমাজলৈ সুখবৰ। ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব নগদবিহীন ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি । লগতে লাভ কৰিব পুৰণি পেঞ্চন আঁচনিৰ সুবিধা। দিছপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰে অনুষ্ঠিত বৈঠকত এই আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পাছত এই কথা জনালে পৰিষদৰ নেতৃত্বই । উল্লেখ্য যে দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। এই বৈঠকত কৰ্মচাৰী পৰিষদৰ বিভিন্ন দাবীৰ লগতে ৰাজ্যৰ নিষ্ঠাবান কৰ্মশক্তিৰ কল্যাণ আৰু স্বাৰ্থত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।বৈঠকত ৰাজ্যৰ কৰ্মশক্তিক গতিশীল কৰাৰ লক্ষ্যৰে কৰ্মচাৰীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যে সেৱাবিধিৰ সংশোধনৰ প্ৰস্তাৱ, আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স আদি বিভিন্ন বিষয় আলোচনাত স্থান লাভ কৰে। ৰাজ্যৰ কৰ্মশক্তিৰ কল্যাণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সমান্তৰালভাৱে স্বাস্থ্য প্রতিষ্ঠানসমূহত চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নগদবিহীন চিকিৎসাৰ সুবিধাৰ প্ৰয়োজনীয়তা আদি বিষয়সমূহো আলোচনাকালত উত্থাপন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে যিসমূহ বিষয় আলোচনাকালত উপস্থাপন কৰিছে ৰাজ্য চৰকাৰে সেইসমূহ বিচাৰ-বিবেচনা কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলি উল্লেখ কৰি তেওঁ অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত অসমৰ কৰ্মচাৰী সমাজক আত্মনিয়োগ কৰি যাবলৈ আহ্বান জনায়।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে, বৈঠকৰ বিষয়ে সদৰী কৰি কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্রধান পংকজ বর্মনে কয় যে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি নগদবিহীন হ’ব। প্রথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতাল কলেজসমূহত উপলব্ধ হ’ব এই সেৱা। ২০১৭ চনত উচ্চ ন্যায়ালয়ৰ নির্দেশমৰ্মে চাকৰি নিয়মীয়া হোৱা ১৩ হাজাৰ ফিক্সড পে’, মাষ্টাৰৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাৰা বানচ। ২০০৫ চনত ৰাষ্ট্ৰীয় পেন্সন পদ্ধতি (এনপিএছ) প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব পুৰণি পেন্সন পদ্ধতি (অ’পিএছ)ৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ ৰাজ্য চৰকাৰে চলিত জানুৱাৰী মাহত কাৰ্যকৰী কৰিব। ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্রয়োজনীয় কাৰ্যালয় স্মাৰক। ৰাজ্য চৰকাৰৰ যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ, সেইসমূহ পদৰ কৰ্মচাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। শিক্ষা বিভাগৰ বিষয়ৰ ওপৰত পৃথক আলোচনাৰ পোষকতা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি, আপোন ঘৰ আঁচনি ত্রিশ লাখলৈ বৃদ্ধি, মৃত, আহতসকলৰ ক্ষতিপূৰণৰ বাবে এছ বি আইৰ লগত হোৱা চুক্তি আৰু প্ৰাদেশিকীকৰণৰ আসোঁৱাহ নিৰীক্ষণৰ বাবে কেবিনেট সমিতি গঠনক আদৰণি জনায় কৰ্মচাৰী পৰিষদে। কৰ্মচাৰী সংগঠনটোৰ নেতাদ্বয়ে পুনৰ কয় যে বিভিন্ন বিভাগত ৰৈ যোৱা পদোন্নতিসমূহ শীঘ্ৰে কৰা হ’ব। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ আসোঁৱাহ দূৰ কৰা হ’ব। তাৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব। বিভিন্ন বিভাগত থকা পাছনেল পোষ্টৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়। অভিযান্ত্রিক বিভিন্ন বিভাগৰ ৰৈ থকা পদোন্নতিসমূহো অতি সোনকালে হ’ব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই আশ্বাস প্রদান কৰে। সভাত মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদীৰ উপৰি অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ বৰ্মন প্ৰমুখ্যে পৰিষদৰ নৱনিৰ্বাচিত সমিতিৰ সদস্যবৃন্দ উপস্থিত থাকে।