সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক অভিনন্দন

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক অভিনন্দন:জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক প্ৰদীপ নাগ সোঁৱৰণী শৈক্ষিক বঁটা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ ডিব্ৰুগড়ৰ মানকটা কছাৰীবাৰীস্থিত শ্ৰীশ্ৰী আউনীআটী শাখাসত্ৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ কৃতী শিক্ষাথীক অভিনন্দন জনোৱা লগতে সংগঠনটোৰ সংগ্ৰামী নেতা প্ৰয়াত প্ৰদীপ নাগৰ সোঁৱৰণী শৈক্ষিক বটাঁ প্ৰদান কৰা হয়।এই অনুষ্ঠানত আদীবাসী জনগোষ্ঠীটোৰ প্ৰায় শতাধিক কীৰ্তি ছাত্ৰ-ছাত্ৰীক মানপ্ৰত্ৰৰে অভিনন্দন জনোৱা হয় ।এই অনুষ্ঠানতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাক প্ৰয়াত আদিবাসী ছাত্ৰনেতা “প্ৰদীপ নাগ সোঁৱৰণি শৈক্ষিক বঁটা” প্ৰদান কৰা হয়। ৰাজ্যখনৰ এখন আগশাৰী শিক্ষাপ্ৰতিষ্ঠান ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ অধ্যক্ষ, বিশিষ্ট লেখক-কৰ্মশ্ৰী ড°শশীকান্ত শইকীয়াই মুখ্য অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক জীৱনৰ বাবে অধ্যয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জীৱনত আগুৱাই যাবলৈ আহ্বান জনায়।বিশ্বৰ শ্ৰেষ্ঠ মানব বিজ্ঞানী সকলৰ শ্ৰেষ্ঠ তথা নিৰ্বাচিত ৰচনাৰাজী অধ্যয়ন কৰি নিজৰ জীৱনটো লগতে সমাজলৈও অবদান আগবঢ়াবলৈ নিজৰ ভাষণত উল্লেখ কৰে। সদৌ অসম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম চাংগাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনৰ আঁত ধৰে জিলা সম্পাদক ৰাজেশ লাৰ্কিনে আৰু মুকলি সভা উদ্বোধন কৰে দয়ানন্দ শ্বাহে। মুকলি সভাত অসম আদিত্য কাকতৰ সম্পাদক,জ্যেষ্ঠ সাংবাদিক মনজিত বৰাই বঁটা গ্ৰহণ কৰি কয় যে অধিবাসী জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰী সকলে নিজকে এগৰাকী যোগ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অধ্যয়ন আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰি অনান্য সকলৰ সৈতে খোজত খোজ মিলাই আগুৱাই যাবলৈ সক্ষম আৰু নিজকে কেতিয়াও হেয় জ্ঞান কৰিব নালাগে বুলি কয়। তেখেতে আৰু কয় যে এই বঁটাটোৰ জৰিয়তে তেখেতৰ দায়িত্ব আৰু বাঢ়িল আৰু আদিবাসী জনগোষ্ঠীৰটোৰ বাবে কৰিবলগীয়া যিকোনো কাম গুৰুত্বসহকাৰে কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।এই অভিনন্দন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈ, কোচ ৰাজবংশী ছাত্ৰ-সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়া, মটক যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক বিতুপন দুৱৰাসহ বহুকেইজন জাতীয়,জনগোষ্ঠীয় নেতা কৰ্মী, বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷