সদিলাপুৰত উদ্ধাৰ এটি অৰ্ধগলিত মৃতদেহ

Pc- The Indian Express

সদিলাপুৰত উদ্ধাৰ এটি অৰ্ধগলিত মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত পুনৰ উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহ। জালুকবাৰীৰ সদিলাপুৰত উদ্ধাৰ কৰা হয় এটি অৰ্ধগলিত মৃতদেহ। ব্রহ্মপুত্র নৈৰ সমীপতে উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহটো। প্ৰাথমিক তদন্তৰ ভিত্তিত কোনো লোকে হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে আৰু অধিক তথ্য পোহৰলৈ আহিব।