সদনত দাখিল হ’ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন

সদনত দাখিল হ’ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্রান্তত জনজাতিকৰণৰ দাবীৰে চলি থকা আন্দোলনৰ মাজতে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত সদনৰ মজিয়াত ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে আনুষ্ঠানিকভাৱে দাখিল কৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় প্রতিবেদন। ইয়াৰ লগে লগে আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ তৎপৰতাত প্রশস্ত হৈ পৰিল। মন্ত্রীগোটৰ অধ্যক্ষ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত দাখিল কৰে মন্ত্রীগোটৰ প্ৰতিবেদন । মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত ‘ৰিপ’ৰ্টছ অব দ্য কমিটী অব গ্রুপ অব মিনিষ্টাৰ্ছ টু এগজামিন এণ্ড ছাজেষ্ট অন দ্য ডিফাৰেন্ট এছপেক্টছ অব ৰিজাৰ্ভেচন অব ছিক্স কমিউনিটিজ ইন দ্য ষ্টেট’ শীর্ষক প্রতিবেদনখনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰে প্রধান আৰু একমাত্ৰ পৰামৰ্শটোৱে হ’ল বর্তমানে জনজাতিৰ সুবিধা ভোগ কৰি থকা জনগোষ্ঠীসমূহৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক কার্যতঃ অনুৰূপ ধৰণে উপকৃত কৰা। ইয়াৰ বাবে জনজাতিৰ ক্ষেত্ৰত প্ৰচলিত ‘ভৈয়াম’ আৰু ‘পাহাৰীয়া’ শ্ৰেণীৰ লগতে সংযোজন ঘটোৱা হৈছে ‘উপত্যকা’ৰ। তদুপৰি ৬ জনগোষ্ঠীক এই শ্রেণীত অন্তর্ভুক্ত কৰাবলৈ মন্ত্ৰীগোটে দুটা শাখাত বিভক্ত কৰাৰ প্ৰস্তাৱ দিছে। সেই অনুসৰি আহোম, চুতীয়া, চাহ জনগোষ্ঠী-আদিবাসী আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠী অনুসূচিত জনজাতি (উপত্যকা)ত অন্তর্ভুক্ত কৰাৰ বিপৰীতে মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতি (ভৈয়াম) ৰ মৰ্যাদা প্ৰদানৰ ব্যৱস্থা ৰাখিছে মন্ত্রীগোটে। অৱশ্যে, অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতি (ভৈয়াম)ৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বড়োলেণ্ড প্রাদেশীয় পৰিষদ চমুকৈ বিটিচিৰ আপত্তিবিহীনতাৰ প্রমাণ-পত্র (এনঅ’চি) প্রয়োজনীয়তাৰ কথাও প্রতিবেদনত স্পষ্টভাবে উল্লেখ কৰিছে। মন্ত্ৰীগোটে এইক্ষেত্রত জনগাঁথনিমূলক চাৰিত্রিক বৈশিষ্ট, অঞ্চলভিত্তিক চিনাক্তকৰণ আদিৰ ক্ষেত্ৰত সামাজিক সংগঠনৰে আলোচনাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। প্ৰতিবেদনত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতি (ভৈয়াম) ত অন্তর্ভুক্ত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে বিৰোধিতা কৰা হোৱা নাছিল। ডাঃ ৰণোজ পেণ্ডৰ অধ্যক্ষতাত কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাক লৈ গঠন হোৱা মন্ত্রীগোটে প্ৰস্তুত কৰা এই প্রতিবেদন বিধানসভাত দাখিলৰ পাছত পৰৱৰ্তী সময়ত কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ প্ৰেৰণ কৰা হ’ব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে। সেয়েহে সদনত দাখিল কৰা প্রতিবেদনত মন্ত্রীগোটে এইক্ষেত্ৰত উল্লেখ কৰিছে যে বৰ্তমানৰ অনুসূচিত জনজাতিসমূহৰ পৰিচয়, অধিকাৰ, ৰাজনৈতিক প্রতিনিধিত্ব ৰক্ষাৰ লগতে ছয় জনগোষ্ঠীৰ দশকজোৰা আকাংক্ষা সমাধানৰ ক্ষেত্ৰত ৰাজ্যখন এতিয়া এক নির্ণায়ক মুহূর্তত থিয় দিছে। এই প্রতিবেদনত প্রস্তাৱিত কাঠামো-সাংবিধানিক ব্যৱস্থা, ন্যায্য সংৰক্ষণৰ গাঁথনি, শক্তিশালী পৰীক্ষণ ব্যৱস্থা আৰু আলোচনাই স্থায়ী পথ মুকলি কৰিছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ উভয়ৰে সামূহিক সদিচ্ছা, নিৰম্ভৰ আলোচনা আৰু সময়োপযোগী ব্যবস্থা গ্রহণ কৰিলে ন্যায্য আৰু সর্বাংগীণ সংকল্প লাভ কৰিব পৰা যাব বুলি চৰকাৰৰ বিশ্বাস। প্রতিবেদনত ছয় জনগোষ্ঠীক বিশেষাধিকাৰ দিয়া উচিত বুলিও পৰামৰ্শ প্রদান কৰিছে মন্ত্রীগোটে। প্রতিবেদনত উল্লেখ কৰিছে যে ভবিষ্যৎ প্রজন্মৰ বাবে সেই সম্প্রদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা উচিত। ৰাজ্য চৰকাৰে তেওঁলোকৰ ভূমিৰ লগতে বৰ্তমানৰ জনজাতিৰ ভূমিৰ নিজ নিজ সম্প্ৰদায়ৰ বাহিৰে আন ব্যক্তিলৈ হস্তান্তৰ কৰাত বাধা দিব লাগে। ইয়াৰ বাবে আইন প্রণয়ন কৰিলে তেওঁলোকৰ ভূমি সুৰক্ষা আৰু ভবিষ্যৎ সুৰক্ষিত কৰাত সহায়ক হ’ব। প্রতিবেদনত বৰ্তমানৰ জনজাতীয় জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ ঐতিহ্য, ভাষা, সংস্কৃতি, ৰীতি-নীতি আৰু ধর্মীয় বিশ্বাস সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰাৰ কথা উল্লেখ কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগে ছটা সম্প্রদায়ক আর্থিক সাহায্য প্রদান কৰিব লাগে। প্রতিবেদনত অসমৰ অনুসূচিত জাতি-সম্প্রদায়সমূহ প্রচলিত আর্থ-ৰাজনৈতিক, অর্থনৈতিক, সংস্কৃতি আৰু শৈক্ষিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে। এইটোৱে ৰাজ্যখনৰ বৰ্তমানৰ আন্দোলনৰ মূল কাৰণ। জনগাঁথনিত আগ্রাসনৰ বাবে অসমৰ খিলঞ্জীয়া জনসাধাৰণে এক বৃহৎ ভাবুকিৰ সন্মুখীন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ মাটি আৰু সংস্কৃতি হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। মন্ত্রীগোটে প্রতিবেদনত উল্লেখ কৰা আন এক গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে যে লোকসভাত সমষ্টিসমূহ স্থায়ীভাবে সংৰক্ষিত কৰা। প্রতিবেদনত এই সন্দর্ভত উল্লেখ কৰিছে যে ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহ সামৰি লোৱা লোকসভা সমষ্টিসমূহ সাংবিধানিক সংশোধনীৰ জৰিয়তে বৰ্তমানৰ জনজাতিৰ বাবে স্থায়ীভাবে সংৰক্ষিত কৰা হওক, যাতে ভৱিষ্যতে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ অনুশীলন যিয়েই নহওক কিয়, এই আসনসমূহ সংৰক্ষিত হৈ থাকে। জনগাঁথনিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰু ডিফু লোকসভাৰ আসন ক্রমে এছটি (পি) আৰু এছটি (হিল্ছ)ৰ বাবে স্থায়ীভাবে সংৰক্ষিত হ’ব লাগিব। এছটি (ভেলী)ৰ বাবে সদনত অতিৰিক্ত আসন সংৰক্ষিত হ’ব লাগে। কাৰণ ৰাজ্যত এতিয়া বৃহৎসংখ্যক লোকক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিলে সংৰক্ষণৰ সংখ্যা স্বয়ংক্রিয়ভাৱে বৃদ্ধি হ’ব। প্রতিবেদনৰ আৰম্ভণিতে মন্ত্রীগোটে এই দিশটো স্পষ্ট কৰি দিছে যে অসম চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ কৰিব যে অসমৰ অনুসূচিত জনজাতিসমূহৰ তিনিটা স্তৰৰ শ্ৰেণী বিভাজনৰ বিধিগত স্বীকৃতি প্রদান কৰিব লাগে। বৰ্তমানৰ জনজাতীয় জনগোষ্ঠীৰ অধিকাৰ আৰু বিশেষাধিকাৰত কোনো প্ৰভাৱ নপৰাকৈ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি দিয়া অসম বিধানসভাৰ প্ৰস্তাৱৰ লগত এই ব্যৱস্থা সামঞ্জস্যপূর্ণ হ’ব।