‘সত্ৰপুষ্প বন্দিত তব কৰ্ম’ শীৰ্ষক অনুষ্ঠানেৰে সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী ৫২ সংখ্যক জন্মদিন পালন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীৰ ৫২ সংখ্যক জন্ম দিৱস আজি উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হয় ৷ সন্ধ্যা ৬ বজাত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত আয়োজিত অনুষ্ঠানটি সত্ৰখনিৰ বিশিষ্ট শিল্পী পদ্মশ্ৰী গোপীৰাম বুঢ়াভকতে এগচি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে৷ সত্ৰীয়া শিল্পী উপেন বৰগায়নে এটি বৰগীত পৰিৱেশন কৰাৰ পিছতে জন্মদিৱস উপলক্ষত আয়োজিত অনুষ্ঠানটি উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই ৷ উদ্বোধনী ভাষণত আধুনিকমনৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে কৃষ্টি-সংস্কৃতি বিকাশত যি অৰিহণা যোগাইছে সেয়া নিতান্তই আদৰণীয় বুলি উল্লেখ কৰে ৷ মুখ্য অতিথি তথা সন্মানীয় অতিথি হিচাপে মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ধৰ্ম চৰ্চাৰ লগতে সমাজ-সংস্কৃতিৰ উত্তৰণত জনাৰ্দনদেৱ গোস্বামীৰ অৱদান সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ বিশিষ্ট অতিথিৰ ভাষণ দি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই আধুনিক মনৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে সত্ৰীয়া সংস্কৃতিক যুগসাপেক্ষ কৰি আগবঢ়াই নিছে বুলি উল্লেখ কৰে। মুখ্য বক্তাৰ ভাষণ আগবঢ়াই মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সত্ৰীয়া শিল্পী কৰুণা বৰাই জনাৰ্দনদেৱ গোস্বামী নিজেই এটি অনুষ্ঠান বুলি কয়। সত্ৰৰ বৈষ্ণৱ তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা অনুষ্ঠানটিত উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীসকলে নাডুভংগী নৃত্য, বিষ্ণুপুৰ গাঁৱৰ মহিলাসকলে দিহানাম পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে জনাৰ্দনদেৱ গোস্বামীক জন্মদিনৰ ওলগ জনায়। অনুষ্ঠানত মাজুলী জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকত, সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্ত, জিলা নাট্য সন্মিলনৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, শিক্ষাবিদ কমল চন্দ্ৰ শইকীয়া, ডঃ ৰাজেন বৰা, শিল্পী যোগেন দত্ত বায়ন, ভৱেন বৰবায়ন, দধিৰাম বৰুৱা, মুহিকান্ত বৰবায়ন, মুনীন্দ্ৰ ভূঞা, জ্যোতিষ কুমাৰ তামুলী, সুভদ্ৰা শইকীয়া বৰা, নিতুল হাজৰিকা শইকীয়া প্ৰমুখ্যে শতাধিক শোক উপস্থিত থাকে।
