সত্যৰ বিকল্প চিন্তা কিয় ?
-ৰঞ্জিত বৰ্মন
আমি বৃহৎ অসমীয়া জাতি হিচাপে গৌৰৱ কৰি আহিছোঁ। পিছে প্ৰতিটো দিনতেই বিকল্প চিন্তাৰে অগ্ৰসৰ হৈ আছোঁ। আমাৰ প্ৰত্যেকৰে মানস পটত এই বিকল্প চিন্তা কিয়, এটা ডাঙৰ প্ৰশ্ন ? ঐতিহাসিক ভাৱে আমাৰ সমাজত প্ৰাধান্যতা থকা প্ৰতিটো দিশৰ পৰা আমি যেন ফালৰি কাতি আহিছোঁ। তাৰ বিপৰীতে পশ্চিমিয়া সহজ লভ্য সস্তীয়া সংস্কৃতিৰ প্ৰভাৱ আমাৰ সমাজত গঢ়ি উঠিছে। এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে শুভ লক্ষণ নহয়। আমি আমাৰ স্বাভিমান যেন আনৰ ওচৰত বিক্ৰী কৰিবলৈ আগবাঢ়ি গৈ আছোঁ! পিতৃ-মাতৃৰ প্ৰতি আমাৰ দ্বায়িত্ব/দায়বদ্ধতাক এটা দিনৰ চুক্তি স্বাক্ষৰিত হোৱাৰ দৰেই আমি পিতৃ দিৱস মাতৃ দিৱস পালন কৰি সামৰিব বিচাৰিছোঁ; যাৰ বাবে এই সুন্দৰ পৃথিৱীখন চোৱাৰ সৌভাগ্য লাভ কৰিছোঁ, তেওঁলোকৰ বাবে এটা দিন বিশেষ দিন কেনেকৈ হ’ব পাৰে? সেই মহান ব্যক্তি দুগৰাকীৰ বাবে প্ৰতিটো দিনেই বিশেষ। আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে গৌৰৱ কৰাৰ কথা চিন্তা কৰোঁতে অনুভৱ কৰোনে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ স্বাভিমান ক’ত লুকাই থাকে? বিশ্বৰ দৰবাৰত অসমৰ অন্যতম জাতীয় উৎসৱ বিহুক প্ৰতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হোৱাৰ সময়তো অৱহেলিত হোৱা যেন অনুভৱ হয় জাতীয় উৎসৱ বিহু । গাঁৱতেই হওঁক বা চহৰতেই হওঁক বিহু মানেই যেন এখন প্ৰতিযোগিতাৰ মঞ্চ! আজিৰ সমাজখনৰ বৈশিষ্ট – উপভোগ কৰাৰ মানসিকতা, সেইবাবেই ঐতিহাসিক বৰপথাৰৰ বিহুৱে ক্ৰমান্বয়ে মঞ্চ বিহুৰ জনপ্ৰিয়তা অৰ্জন কৰিছে। সেয়া বাৰু যিয়েই নহওঁক, মঞ্চত হ’লেও সুৰক্ষিত হৈ ৰওক বিহু! জাতীয় উৎসৱ হিচাপে বিহুৰ স্বকীয়তা ৰক্ষা কৰাটো একো একোগৰাকী অসমীয়া হিচাপে প্ৰত্যেকৰে দায়িত্ব আছে। জাতীয় উৎসৱ হিচাপে পালন কৰি অহা পৰম্পৰাগত বিহুৰ ভিতৰতেই ভোগালী বিহুৰ সময়ত সামাজিক মাধ্যমত খলকনি লগাই অহা সেই বিশেষ দিন কেইটাৰ কথা ভাবিলে বুকু কপি উঠে। ভেলাঘৰ মানেনো প্ৰকৃততে কি ? অসমীয়া সমাজ খনত নিশ্চয় নজনা ব্যক্তি নাই! উৰুকাৰ ভোজ-ভাত খাই অস্থায়ী ঘৰটো ৰাতিপুৱা জ্বলাই দিয়াৰ সেই বিশেষ পৰম্পৰাগত প্ৰথাটোৰ বিষয়ে কোনো অসমীয়া অজ্ঞাত নহয়। তেনে ক্ষেত্ৰত সেই বিশেষ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদিৰ দৰে কৃতিচিহ্নবোৰ ভেলাঘৰৰ ৰূপত সজাই অসমীয়াই অসমীয়াৰ বুকুত আঘাত হনাৰ লগতে অসমীয়াৰ বুকুৰ আপোন কৃতিচিহ্ন বোৰক অপমান কৰা হোৱা নাই নে? (সেয়া স্বাভিমানী অসমীয়া সমাজৰ হাতত গোটালো) ।
প্ৰকৃততে আমি কোনটো দিশেৰে ধাৱমান হৈ আছোঁ আমি হয়তো নিজেই নাজানো! উৎসৱ-পাৰ্বনৰ কথাবোৰ বৰকৈ নকলেও সচেতন সমাজৰ প্ৰতিগৰাকী অসমীয়াই কিছু হ’লেও অনুভৱ নকৰাকৈ থকা নাই। পিছে অসমীয়া সমাজখনত সম্বন্ধ বোৰত আউল লগাই ৰোধ কৰিব নোৱাৰা পশ্চিমিয়া সভ্যতা সংস্কৃতিৰ আগ্ৰাসনে অসমীয়া সমাজখনক বিপথে পৰিচালিত কৰি আহিছে। কাৰোবাৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তিৰ পৰিপুৰক এটা দিন কেতিয়াও হ’ব নোৱাৰে। পিতৃ-মাতৃৰ সন্তানৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম যেনেদৰে কৃত্ৰিম নহয়, সন্তানৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ব ভালপোৱাত কৃত্ৰিমতা থাকিব নালাগে। আমাৰ দায়িত্ব প্ৰতিটো সম্বন্ধ আজীৱন জীয়াই ৰখা; প্ৰতিটো সম্বন্ধক সম্বন্ধ হিচাপে পালন কৰা। প্ৰতিটো সম্বন্ধৰ নিজস্ব মহত্ব আছে । পিতৃ দিৱস, মাতৃ দিৱস, ভাতৃ দিৱস নাৰী দিৱস আদি বিভিন্ন দিৱসবোৰ পালন কৰাৰ মুলতে সম্বন্ধৰ দূৰত্ব আৰু মানৱীয় চিন্তাৰ মূল্যাংকন কৰিব বিচৰা যেন অনুভৱ হয়। যিখন দেশত নাৰীক দেৱীৰ লগত তুলনা কৰা হয়, নাৰীক পূজা কৰা হয়, যিখন সমাজৰ বৃহত্তৰ অসমীয়া জাতিটো বীৰাংগনা সতী সাধনী, মূলা গাভৰু, কনকলতা বৰুৱা, ইন্দিৰা মিৰি, চন্দ্ৰপ্ৰভা শইকীয়ানী, বীৰুবালা ৰাভা, পাৰ্বতী বৰুৱা আদি মহীয়সী নাৰী সকলক লৈ গৌৰৱান্বিত; সেইখন দেশতেই প্ৰতি খোজতে বিপদৰ সন্মূখীন হয় নাৰী; সেইখন সমাজতেই ৰাজপথত লাঞ্চিত হয় নাৰী। আমি যদি প্ৰকৃত অসমীয়া হিচাপে গৌৰৱ কৰিব বিচাৰোঁ, সমাজখন বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰোঁ, তেন্তে প্ৰত্যেকেই সংস্কাৰ কৰাৰ, পশ্চিমীয়া সভ্যতাক আওকাণ কৰি প্ৰগতিশীল চিন্তা-চৰ্চাৰে আত্ম সমালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে।
আমি মানু্হ হিচাপে, এগৰাকী প্ৰকৃত স্বাভিমানী অসমীয়া হিচাপে, প্ৰতিটো সম্বন্ধৰ প্ৰতি সজাগ আৰু দায়িত্বশীল হ’ব লাগিব।সত্যৰ বিকল্প চিন্তা কৰাতকৈ, সত্যক উপলব্ধি কৰিব পৰাটো অনাগত ভৱিষ্যতৰ বাবে মঙ্গল।