সতী জয়মতী ইতিহাসত লিপিবদ্ধ – অনামিকা (সংগীতা)কলিতা

সতী জয়মতী ইতিহাসত লিপিবদ্ধ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

সতী জয়মতীৰ বিষয়ে বিভিন্ন গ্ৰন্থত পঢ়িছোঁ। ভাগৱত /গীতাত বিভিন্ন দেৱীৰ বিষয় পঢ়িছোঁ বা শুনিছোঁ  কিন্তু কেইবাটাও দশক আগতে অসমভূমিতে জন্মগ্ৰহণ কৰা সতী জয়মতীৰ জীৱনৰ ঘটনাই আমাকো আকৰ্ষিত কৰে।

সতী জয়মতী আহোমৰ কুঁৱৰী চফল ডেকা  গদাপাণি কুঁৱৰৰ  পত্নী আছিল ।সেই সময়ত আহোমৰ  ৰাজনৈতিক পৰিস্থিতি জটিল আছিল।

লালুক সোলা নামৰ কু অভিসন্ধি মন্ত্ৰীৰ কাৰণে আহোমৰ ৰাজ পৰিয়ালত অন্ধকাৰ নামি আহিছিল ।নিজৰ পাঁচ বছৰীয়া ছোৱালীক চৈধ্য বছৰীয়া ল’ৰা ৰজালৈ বিয়া  দি আহোমৰ ৰাজ শাসন নিজে পৰিচালনা কৰে ।

আহোমৰ ৰাজ পৰিয়ালৰ বংশৰ মানুহ যাতে ৰজা হ’ব নোৱাৰে,তাৰ কাৰণে আহোমৰ কুঁৱৰ সকলৰ অংগ ক্ষত কৰিছিল ।আহোমৰ নিয়ম আছিল অংগ ক্ষত ব্যক্তি ৰজা হ’ব নোৱাৰে।

জয়মতী কুঁৱৰীৰ গিৰিয়েকক  বিচাৰি  লালুক সোলাই সৈন্য পথাইছিল ,যাতে গদাপাণি ধৰি লৈ আহে । জয়মতীয়ে  ইতিমধ্যে  গদাপাণিক নগা ৰাজ্যলৈ পলাই যাবলৈ কৈছিল, সন্তান দুটাৰ  ভৱিষ্যতৰ কাৰণে। সন্তান দুটাৰ সৈতে গদাপাণি পলাই গ’ল । লালুক সোলাৰ মানুহে গদাপাণিক নাপাই জয়মতীক ধৰি লৈ গ’ল । তেওঁক সুধিলে ক’ত  গিৰিয়েকক লুকাই থৈছে ,তেওঁ ক’বলৈ অমান্তি হোৱাত জেৰেঙা পথাৰত নানা অত্যাচাৰ কৰিলে ।অত্যাচাৰ সহ্য কৰি থাকিল কিন্তু তেওঁ গিৰিয়েকৰ বিষয়ে এটা শব্দও  উচ্চাৰণ নকৰিলে, এটা সময়ত নিজৰ প্ৰাণ আহুতি দিলে । অসমৰ সেই মহিয়ষী নাৰী গৰাকীৰ স্মৃতি এতিয়াও ইতিহাস লিপিবদ্ধ  আছ । স্বামী, পৰিয়াল, সমাজখন উদ্ধাৰৰ কাৰণে সতী জয়মতীয়ে নিজৰ জীৱন ত্যাগ কৰিবলৈ ভয় কৰা নাছিল।তেনে নাৰীক দেৱীৰ লগত তুলনা কৰা হয়।