সড়ক সুরক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, শিক্ষার্থী আৰু সংস্থাক সন্মান প্রদান

সড়ক সুরক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, শিক্ষার্থী আৰু সংস্থাক সন্মান প্রদান

শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰ জিলা আয়ুক্তৰ  সভাকক্ষত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীৰে সমাপ্তি ঘটিল ৰাষ্ট্ৰীয় সড়ক সুৰক্ষা মাহৰ। অনুষ্ঠানৰ সভাপতিত্ব কৰিছিল কাছাৰ জিলা আয়ুক্ত  মৃদুল যাদৱ আৰু মুখ্য অতিথি হিচাপে উপস্থিত আছিল শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য। সড়ক সুৰক্ষা প্ৰচাৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা সংস্থা আৰু শিক্ষার্থীসকলক এই অনুষ্ঠানত সন্মানিত কৰা হয়।

১ জানুৱাৰী পৰা ৩১ জানুৱাৰী ২০২৫ লৈ চলা সড়ক সুৰক্ষা মাহৰ সফল সমাপ্তিৰ লগত জড়িত জিলা আৰক্ষী বিভাগ, পিডব্লিউডি (পথ), স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, আবকাৰী বিভাগ আৰু স্বেচ্ছাসেৱী সংস্থা নেতাজী ছাত্ৰ যুৱ সংঘক সড়ক সুৰক্ষা প্ৰচাৰত গুৰুত্বপূর্ণ অৱদানৰ বাবে সন্মান প্ৰদান কৰা হয়। এই সংস্থাসকলৰ নিরৱচ্ছিন্ন প্ৰচেষ্টা আৰু জনসচেতনতা অভিযানৰ ফলত জিলাৰ সড়ক দুৰ্ঘটনাৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে।

বিশেষভাৱে শিক্ষাৰ্থীসকলৰ সাফল্য উদযাপন কৰা হয়। জি.চি. কলেজ, নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণাই নিত্যগোপাল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এম.চি. দাস কলেজৰ শিক্ষাৰ্থীসকলে সড়ক সুৰক্ষা কুইজ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শন কৰি সন্মান লাভ কৰে। ইয়াৰে এটি স্পষ্ট বাৰ্তা উঠে যে, সড়ক সুৰক্ষাৰ সংস্কৃতি গঢ়ি তুলিবলৈ যুৱ সমাজেই আগভাগ লব।

সড়ক সুৰক্ষা প্ৰতিবদ্ধতাক অধিক শক্তিশালী কৰাৰ অংশ হিচাপে কাছাৰ জিলা সড়ক সুৰক্ষা সমিতিয়ে জিলা আৰক্ষী, জিলা পৰিবহন কাৰ্যালয় আৰু জিলা স্বাস্থ্য বিভাগক সড়ক সুৰক্ষা সামগ্ৰী প্ৰদান কৰে। এই পদক্ষেপে জিলা সড়ক সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব।

সাংসদ পৰিমল শুক্লবৈদ্যই নিজৰ ভাষণত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ যৌথ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, “সড়ক সুৰক্ষা আমাৰ সকলোৰে দায়িত্ব। আমি নিয়ম মানি চলিব লাগে। মই স্পষ্টকৈ জানাই দিছোঁ যে, মোৰ ৰাজনৈতিক ৰেলীত কোনোবাই হেলমেট নোপিন্ধি ধৰা পৰিলে, তাক তৎক্ষণাত জৰিমনা কৰা হ’ব।”

তেখেতে ২০২৪ চনত কঠোৰ নিয়ম আৰু সচেতনতা প্রচাৰৰ ফলত সড়ক দুৰ্ঘটনাত মৃত্যু হাৰৰ উল্লেখযোগ্য হ্ৰাসৰ কথা উল্লেখ কৰে।

অনুষ্ঠানৰ অন্তত সকলো অংশগ্ৰহণকাৰীয়ে সড়ক সুৰক্ষা বিধি মানি চলাৰ শপথ গ্ৰহণ কৰে আৰু কাছাৰক সড়ক সুৰক্ষাৰ ক্ষেত্ৰত এখন আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে।

অনুষ্ঠানত আৰু উপস্থিত আছিল কাছাৰ জিলা আৰক্ষী অধীক্ষক নুমল মাহাতো, অতিৰিক্ত জিলা আয়ুক্ত,  অন্তৰা সেন, অতিৰিক্ত জিলা আয়ুক্ত,  ভ্যান লাল লিম্পুইয়া নাম্পুই, জিলা পৰিবহন বিষয়াৰ ৰমেশ শ্যাম আৰু আন বিশিষ্ট ব্যক্তি।

এই সংবাদ শিলচৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ প্রেস বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশিত হৈছে।