সঠিক ঠাইতেহে সঠিক মৰ্যদা পাব পাৰি
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচলতে আমাৰ এই সংসাৰ খনত সকলো বিষয়-বস্তুৰে এক সঠিক ঠাই নিৰূপণ কৰা আছে। সেয়েহে প্ৰতিটো ক্ষেত্ৰতে নিজৰ নিজৰ স্থান অনুসৰিহে মান পোৱা পৰিলক্ষিত হয়। অৰ্থাৎ মই আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা কথাষাৰৰ প্ৰকৃত তাৎপৰ্য এইটোৱে যে, সঠিক ঠাইতেহে সঠিক মৰ্যদা পাব পাৰি। আচলতে আমি প্ৰায় প্ৰতিজন মানুহে নিজ সাধ্য অনুসৰি জীৱনত সফলতা অৰ্জন কৰিবলৈ বহু প্ৰচেষ্টা অব্যাহত ৰাখোঁ। কিন্তু আমাৰ মাজত মাত্ৰ কেতবোৰ মানুহে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু প্ৰায়বোৰ মানুহে জীৱনত নিজে ভবাৰ ধৰনে সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয়। ইয়াৰ একমাত্ৰ কাৰণ কি জানেনে ? আচলতে আমি জীৱনত সঠিক ঠাইত সঠিক পৰিশ্ৰম কৰাৰ পৰা বঞ্চিত হৈ পৰিছো।ফলত আমি নিজ নিজ ঠাই বা আমাৰ দ্বাৰা সম্পাদন কৰা কৰ্মৰ পৰা উচিত মৰ্যদা আয়ত্ত কৰিব পৰাগৈ নাই। এতিয়া কথা হ’ল আমি প্ৰতিজন মানুহে নিজ নিজ ব্যক্তিগত জীৱনত সঠিক ঠাইবোৰ কেনেদৰে নিৰ্বাচিত কৰিম নহয়নে?
প্ৰতিজন মানুহে নিজ নিজ দিশত আগুৱাই যাবলৈ মনে প্ৰাণে যদি ইচ্ছা প্ৰকাশ কৰোঁ তেন্তে নিজৰ অতীততে তুলনাত কিছুদূৰ হ’লেও আগুৱাই যাবলৈ সক্ষম হ’ম। কিন্তু সঠিক ঠাইত সঠিকভাৱে চেষ্টা অব্যাহত ৰাখিলে আমি হয়তো এসময়ত গৈ ভাবাতকৈ বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হম। কাৰণ যিকোনো দিশতে সঠিক ঠাইতেহে সঠিক মৰ্যদা পাব পাৰি ।ধৰিললো আপোনাৰ দ্বাৰা বহু মুল্যবান হীৰাৰ টুকুৰা এটা ক’ৰবাৰ পৰা উদ্ধাৰ হ’ল। এতিয়া কথা হ’ল আপুনি উদ্ধাৰ কৰা হীৰাৰ টুকুৰাৰ উচিত মুল্য বজাৰৰ যিকোনো ধৰণৰ দোকান বোৰত উপলব্ধ নহয়। সেয়েহে সেই হীৰাৰ টুকুৰাৰ যদি উচিত মুল্য নিৰ্ধাৰিত কৰিব আছে তেন্তে ইফাল সিফাল নকৰাকৈ চিধাই হীৰাৰ বেপাৰীক লগ কৰা উচিত হ’ব। ঠিক তেনেদৰে আমি যদি ঘৰতে উৎপাদন কৰা শাক পাচলিবোৰ বিক্ৰী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ তেন্তে তাক আমি হীৰাৰ বেপাৰীৰ আগত লৈ গ’লে নহ’ব। কাৰণ শাক পাচলিবোৰ বিক্ৰীৰ বাবে বা তাৰ উচিত মুল্য নিৰ্ধাৰণৰ বাবে বেলেগকৈ পাচলিৰ বজাৰ নিৰ্মাণ কৰা আছে। তথাপিও কিন্তু আমি প্ৰায়বোৰ মানুহে এতিয়াওঁ হাতত হীৰাৰ টুকুৰা লৈ পাচলিৰ বজাৰত তাৰ মুল্য নিৰ্ধাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছো নহয়নে? ফলত আমি বহু মানুহে সফলতা পোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। সেয়েহে জীৱনত নিজৰ নিজৰ সঠিক ঠাই নিৰূপণ কৰিবলৈ হলে আত্ম উপলব্ধিৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আৰু যেতিয়াই দেখিব আপুনি লাগি থকা দিশবোৰত লাহে লাহে কৰি সঠিক মৰ্যদা আয়ত্ত কৰিবলৈ সক্ষম হৈছে। তেন্তে নিশ্চিত মনে সেই লাগি থকা দিশবোৰতে আগুৱাই যাবলৈ চেষ্টা অব্যাহত ৰাখক। কাৰণ একেবাৰে শীৰ্ষতে উল্লেখ কৰিছোঁ সঠিক ঠাইতেহে সঠিক মৰ্যদা পাব পাৰি ।