সঞ্চাৰ সাথী এপ গ্রাহকে বিচাৰিলেও ডিলিট কৰিব পাৰিবঃ কেন্দ্ৰীয়মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে এদিন পূৰ্বে দেশৰ ম’বাইল ফোন সংস্থাসমূহলৈ এই নির্দেশ জাৰি কৰিছিল যে প্রতিটো স্মার্ট ফোনত বাধ্যতামূলকভাৱে ইনষ্টল কৰিব লাগিব চাইবাৰ নিৰাপত্তা এপ সঞ্চাৰ সাথী। এই এপটো গ্রাহকে বিচাৰিলেও ডিলিট কৰিব নোৱাৰিব। নির্দেশটোত কোৱা হৈছে যে ৯০ দিনৰ ভিতৰত যিবোৰ স্মার্ট ফোন বজাৰলৈ নতুনকৈ আহিব সকলোবোৰতে এই এপটো প্রি-লোড কৰিব লাগিব। চাইবাৰ প্ৰতাৰণা ৰোধ কৰাৰ লগতে চুৰি হোৱা বা হেৰাই যোৱা ফোন ট্রেক কৰা, ক’লা বজাৰত নকল ফোন বিক্ৰী ৰোধ কৰাত এই এপটো কাৰ্যকৰী হ’ব বুলি কোৱা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশ প্ৰকাশৰ পিছতেই গুঁজৰি উঠে বিৰোধী শিবিৰ। বিৰোধীৰ দাবী যে চাইবাৰ নিৰাপত্তাৰ নামত আচলতে সাধাৰণ জনতাৰ ফোনত নজৰ ৰখাৰ চেষ্টা কৰিছে চৰকাৰে। অৱশেষত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এপটোৰ সৈতে জড়িত গোপনীয়তাৰ বিষয়ক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মন্ত্ৰী সিন্ধিয়াই মঙলবাৰে কয় যে ব্যৱহাৰকাৰীয়ে ইচ্ছানুসাৰে এই এপ্লিকেচনটো ডিলিট কৰিব পাৰিব ৷ মঙলবাৰে সাংবাদিকৰ আগত সিন্ধিয়াই কয়,ব্যৱহাৰকাৰীয়ে সঞ্চাৰ সাথী এপটো ছেভ ৰাখিব নে ডিলিট কৰিব, সেই সিদ্ধান্ত নিজে ল’ব পাৰে । চাইবাৰ জালিয়াতিত টেলিকম সম্পদৰ অপব্যৱহাৰ ৰোধৰ বাবে সঞ্চাৰ সাথী এপ যাতে সকলো নতুন ডিভাইচত প্ৰি-ইনষ্টল কৰা হয়, এই তথ্য নিশ্চিত কৰিবলৈ দূৰসংযোগ বিভাগে ম’বাইল হেণ্ডছেট নিৰ্মাতা আৰু আমদানিকৰ্তাসকলক নিৰ্দেশ দিছে ৷ লগতে কৈছে যে বৰ্তমানৰ হেণ্ডছেটত ছফ্টৱেৰ আপডেটৰ জৰিয়তে এপটো ইনষ্টল কৰা হ’ব ৷ আপুনি যদি আঁতৰাব বিচাৰে, তেন্তে আঁতৰাওক । কিন্তু দেশৰ সকলোৱে নাজানে যে এই এপটোৱে তেওঁলোকক প্ৰৱঞ্চনা আৰু চুৰিৰ পৰা ৰক্ষা কৰিব ৷ মন্ত্ৰী সিন্ধিয়াই এনেদৰে কয় ৷ তেওঁ লগতে কয়, এই এপটো সকলোৰে বাবে সুলভ কৰি তোলাটো আমাৰ দায়িত্ব । যদি আপুনি ইয়াক আঁতৰাব বিচাৰে, তেন্তে আঁতৰাওক । যদি আপুনি ইয়াক ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে ইয়াৰ পঞ্জীয়ন নকৰিব । যদি আপুনি ইয়াক পঞ্জীয়ন কৰে, তেন্তে ই সক্ৰিয় হৈ থাকিব । যদি আপুনি ইয়াক পঞ্জীয়ন নকৰে, তেন্তে ই নিষ্ক্ৰিয় হৈ থাকিব ।
