সছাঁ ভাল পোৱা প্ৰেম
*******************
১)প্ৰেমৰ জানো কিবা সছাঁ মিছা আছে? প্ৰেমৰ সঠিক সংজ্ঞা আছে জানো…??
মৰম ভাল পোৱা বোৰ এজনে আনজনৰ ওচৰত ব্যক্ত কৰাটোৱে প্ৰেম নে??
যদি কওঁ পাইয়ো হেৰুওৱাটো প্ৰেমৰ অন্য এক সংজ্ঞা তেন্তে???
হয় প্ৰেম ভাল পোৱা মানুহৰ জীৱনৰ এটি ভাল লগা অধ্যায়..!! প্ৰেম সকলোৰে হয়,, বয়স অনুযায়ী প্ৰেমৰ সংজ্ঞা বেলেগ..!! সদ্যজন্মা শিশুটিৰ প্ৰথম প্ৰেম মাক । আকৌ আমাৰ স্কুলীয়া দিনৰ ল’ৰা ছোৱালীৰ মাজতো প্ৰেম বিচ্ছেদৰ কাহিনী চলি থাকে । আকৌ সদ্য বিবাহিত দাম্পত্য জীৱনৰ প্ৰেম পতি -প্ৰেম..।।
২)প্ৰেম এনেকুৱাই হৈ যায় অজানিতে- কিমান সত্য??
অজানিতে সাধাৰণতে ভুল বোৰ হয়,, প্ৰেম সদায় বুজা-বুজিৰ মাজেৰে আৰম্ভ হৈ চিৰদিনলৈ সজীৱ হয় ।
৩)সছাঁ প্ৰেমৰ শেষ আছে জানো??
মৰমৰ শেষ আছে জানো কিবা, যিদৰে মৰমৰ শেষ নাই প্ৰেমৰো শেষ নাই,যিদৰে মৰম বিলাই গ’লে বাঢ়ি যায় সম্পৰ্ক প্ৰেম পূৰণি হ’লে বাঢ়ি যায় মাথোঁ কেতিয়াবা উশাহ বোৰ ৰৈ যায় আকৌ কেতিয়াবা সম্পৰ্ক বোৰত ঘূণে খাই কিন্তু হৃদয়ত প্ৰেমৰ বাৰিষা আজীৱন একেই থাকে যেতিয়ালৈ জীৱনে মৃত্যুৰ ওচৰত হাৰ নামানে।।
৪)বিচ্ছেদ-
বিচ্ছেদৰ এটি সুকীয়া মাদকতা,, বিচ্ছেদ সম্পৰ্কৰ হে আছে হৃদয়ৰ নাই, হৃদয় এখন তাত নো ক’ত বিচ্ছেদৰ বাবে ঠাই আছে, মৰমৰ বাবেই ঠাই অভাৱ হয় হৃদয়ত তেন্তে বিচ্ছেদৰ ঠাই ক’ত??
৫)সাল-সলনি
সাল সলনি (Replace) প্ৰেমত ইয়াৰ কোনো স্থান নাই । এগৰাকীৰ অবৰ্তমানত আনগৰাকীক স্থান দিয়াটো যুক্তি সংগত নহয় । প্ৰেম কৰিব লাগে ব্যৰ্থ প্ৰেমৰ পিছত আকোঁৱালি ল’ব লাগে কঠোৰ সত্যক । আনজনৰ কাষৰত প্ৰিয় জনক বিচাৰিলে জানো কেতিয়াবা আপোন জনক ঘূৰাই পায় । কেতিয়াও নাপায় ।
শেষত এটিয়ে বুজিব পাৰি প্ৰেমৰ কোনো শেষ নাই ।। আপোনজনৰ অনুপস্থিতিকো হৃদয়ত সজীৱ কৰাটোয়ে প্ৰেম সেয়া লাগিলে সম্পৰ্ক থাকক বা নাথাকক ।। মৰম বোৰ আজীৱন বৈ থাকে আৰু স্মৃতিৰ বোৰে আজীৱন সোৱঁৰাই থাকে হেৰুৱা অতীতৰ গোন্ধক। নতুনকৈ হৃদয়ৰ উপত্যকাত প্ৰেমৰ পলস পেলাবলৈ চেষ্টা কৰিলে নতুন পৃষ্ঠাক হে অধ্যায়ৰ লগত সন্নিবিষ্ট কৰিব লাগে। নতুনকৈ ঠাই দিব লাগে কাৰোবাৰ ঠাইত কাৰোবাক Replace কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় । কাৰোবাৰ ঠাই কোনোবাই Replace কৰিব পৰা হ’লে দুখৰ বিভ্ৰান্তিকৰ বতাহে জীৱনৰ পৃষ্ঠাবোৰক ধূসৰিত নকৰিলে হয় আৰু অনুভৱৰ পৃথিৱীত স্মৃতি বুলিবলৈ একো নাথাকিল হয় ।।
“প্ৰেম জীৱনৰ এক
সীমনাহীন অনুভূতি
প্ৰেম এক কবিতা
যাৰ অৰ্থ বুজিবলৈ
জীৱনৰ চাকনৈয়াত
সুখৰ মানিক বিচৰাটো বাঞ্চনীয়।।”
প্ৰেম এক শিক্ষা…!!
প্ৰেম এক শক্তি…!!
প্ৰেম জীৱন জীয়াৰ প্ৰেৰণা..!!
–আশাৰাণী বৰুৱা
দেৰগাঁও