“সচিবালয় প্ৰশাসন বিভাগটো অসম সচিবালয়ৰ স্নায়ুকেন্দ্ৰ”
- সচিবালয় প্ৰশাসন বিভাগৰ সংস্কাৰৰ লগতে জনতা ভৱনৰ কৰ্মচাৰী সকলৰ বাবে আৱাসিক ভৱন নিৰ্মাণ, কৰ্মচাৰী সকলৰ বাবে সুলভ মুল্যৰ সমবায় ডিপাৰ্টমেন্তেল ষ্টোৰ স্থাপন, অতিৰিক্ত ব্লক নিৰ্মাণ, বহু তৰপীয়া কাৰ পাৰ্কিং, তথ্য প্ৰযুক্তিগত ব্যৱস্থা ৰূপায়ন, খালী হৈ থকা ৬০৬ টা পদ পূৰণৰ বাবে লোৱা প্ৰস্তাৱৰ বাবে কৃতজ্ঞতা।
- অসম সচিবালয়ৰ স্নায়ুকেন্দ্ৰ সচিবালয় প্ৰশাসন বিভাগটোৰ স্বকীয়তা ৰক্ষা কৰি উক্ত বিভাগৰ নাম অন্য বিভাগৰ লগত একত্ৰীকৰণ বা অন্য বিভাগলৈ ৰূপান্তৰ নকৰি “সচিবালয় প্ৰশাসন বিভাগ” হিচাপেহে পুনৰ বিবেচনা কৰিবলৈ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেৱা সন্থাৰ সাধাৰণ সম্পাদকৰ আহ্বান।
সন্মানীয়া বিত্ত মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীয়ে আজি বাজেটৰ জৰিয়তে বিধান সভাৰ মজিয়াত সন্মানীয় মন্ত্ৰী তথা বিধায়ক সকলৰ আগত “সচিবালয় প্ৰশাসন বিভাগটো অসম সচিবালয়ৰ স্নায়ুকেন্দ্ৰ” বুলি প্ৰকাশ কৰাত গৌৰৱ অনুভৱ কৰিছো। সচিবালয় সেৱাৰ অন্তৰ্গত এগৰাকী কৰ্মচাৰী হিচাপে আৰু অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক হিচাপে সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী ডাঙৰীয়ানীক এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰস্তাৱিত বাজেটত ৪৩৫.88 টকা ধাৰ্য্য কৰি সচিবালয় প্ৰশাসন বিভাগৰ উন্নত প্ৰশাসন আৰু অধিক স্বচ্চতা অনাৰ বাবে বিভিন্ন তথ্য প্ৰযুক্তিগত ব্যৱস্থা ৰূপায়নৰ বাবে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও সচিবালয় প্ৰশাসন বিভাগত বৰ্তমানে খালী হৈ থকা বিভিন্ন পদৰ ৬০৬ টা পদ অতিশীঘ্ৰে পূৰণৰ উপৰিও সচিবালয় সেৱাৰ অন্যান্য অতিৰিক্ত পদ সৃষ্টিৰ জৰিয়তেও চৰকাৰৰ শেহতীয়া প্ৰশাসনীয় সংস্কাৰ সদ্দিচ্চাক বাস্তৱক্ষেত্ৰে প্ৰতিফলিত কৰিছে। সচিবালয় প্ৰশাসন বিভাগটো অসম সচিবালয়ৰ স্নায়ুকেন্দ্ৰ হোৱা হেতু শেহতীয়াকৈ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে এই বিভাগৰ স্বকীয়তা ৰক্ষা কৰি বিভাগৰ আন্তঃগাঁথনি আৰু অধিক উন্নতকৰণ, বিভাগৰ অন্তৰ্গত সেৱাবিধিত অতিৰিক্ত নতুন পদ সৃষ্টি আৰু বৰ্তমানে কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ বাবে বিভিন্ন উপ-বিধি সিথিলতা আনি ক্ষীপ্ৰ পদোন্নতিৰে সচিবালয় প্ৰশাসনৰ সংস্কাৰৰ জৰিয়তে ৰাজ্য প্ৰশাসনৰ সংস্কাৰ কৰি ৰাজ্যবাসীক বিভিন্ন ক্ষেত্ৰে সেৱা উপলবদ্ধ কৰিব বুলি গভীৰ বিশ্বাসী। উল্লেখিত যে ইং ১৪/৭/২০২১ তাৰিখৰ ৰাজ্য চৰকাৰৰ সন্মানীয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে সাধাৰণ প্ৰশাসনিক বিভাগ আৰু সচিবালয় প্ৰশাসনিক বিভাগক একত্ৰীকৰণ কৰি সাধাৰণ প্ৰশাসন বিভাগ হিচাপে নামাকৰণ কৰিব। অসম সচিবালয়ৰ স্নায়ুকেন্দ্ৰ সচিবালয় প্ৰশাসন বিভাগটোৰ স্বকীয়তা ৰক্ষা কৰি উক্ত বিভাগৰ নাম অন্য বিভাগৰ লগত একত্ৰীকৰণ বা অন্য বিভাগলৈ ৰূপান্তৰ নকৰি “সচিবালয় প্ৰশাসন বিভাগ” হিচাপেহে পুনৰ বিবেচনা কৰিবলৈ এই চেগতে সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সকলো সন্মানীয় মন্ত্ৰীবৰ্গকে পৰৱৰ্তী কেবিনেটৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আপোনাৰ মাধ্যমেৰে অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই বিনম্ৰতাৰে অনুৰোধ জনাইছো আৰু মই নিশ্চিত যে উক্ত বিবেচনাৰ বাবে সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহাৰিয়ে সচিবালয়ৰ বৃহত্তৰ কৰ্মচাৰী সমাজক আস্বস্ত কৰিব।
জনতা ভৱনৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সকল থকা-মেলাৰ উন্নত সুবিধা প্ৰদানৰ বাবে ৰুক্মিণীগাঁৱৰ ওচৰত দুটা G+9 মহলাযুক্ত আৱাসিক ভৱন নিৰ্মাণৰ পৰিকল্পনা, সুলভ মুল্যত দৈনন্দিন ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ সুবিধা হোৱাকৈ জনতা ভৱনত কৰ্মচাৰীসকলৰ বাবে এটা সমবায় ডিপাৰ্টমেন্তেল ষ্টোৰ স্থাপনৰ প্ৰস্তাৱ, জনতা ভৱনৰ বাবে এটা অতিৰিক্ত ব্লক নিৰ্মাণ, যান বাহন ৰখাৰ সুবিধা হোৱাকৈ জনতা ভৱনত বহু তৰপীয়া কাৰ পাৰ্কিং ব্যৱস্থা গঢ়ি তোলাৰ যি প্ৰস্তাৱ বাজেটত গ্ৰহণ কৰিছে তাৰ বাবে সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মানীয়া বিত্ত মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীৰ লগতে বিভাগীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই প্ৰকাশ কৰিছে।
আশা কৰো অনাগত দিনত সচিবালয়ৰ বৃহত্তৰ ঐতিহ্যমণ্ডিত কৰ্মচাৰী সমাজৰ বাবে বিভিন্ন পদক্ষেপ লৈ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে কৰ্মচাৰী সমাজখনক উৎসাহিত কৰি যাব।